কথাতে কয়,
বিহালীৰ অমৰা, ৰাংচালিৰ দমৰা৷
বিশ্বনাথৰ কলিয়া গাই
এতিয়া বাকীছোৱা শুনক
বিহালীৰ শক্তিৰ কথা অসমৰ আন প্ৰান্তৰ জনতাই নাজানিব পাৰে, কিন্তু মধ্য অসমত কথাটো বাৰুকৈয়ে প্ৰচলিত৷ বিহালীৰে অন্তৰ্গত ৰাংছালিৰ কথাও ফকৰা যোজনাৰ জৰিয়তেই স্থানীয় লোকে প্ৰায়ে ব্যাখ্যা কৰে৷ অৰ্থাৎ বিহালীৰ অমৰা য়িমান সুস্বাদু, ৰাংচালিৰ দমৰাও সিমানে শক্তিশালী৷
কিন্তু য়োৰহাটত অপৰাজিত হৈ থাকিলেও অমৰাৰ বাবে প্ৰখ্যাত বিহালীতে ফান্দত পৰিবলৈ ধৰিছে গৌৰৱ গগৈ৷ বিজেপিয়ে সন্তৰ্পণে তৰি থোৱা জালখনত এটা ভৰি সুমুৱাই দিছে গৌৰৱে৷
দলৰ দায়িত্ব অনুসৰি গৌৰৱে কিছুদিনৰ পৰা বিহালীত প্ৰচাৰ চলাই আছিল৷ কিন্তু সৰ্বশেষত বিহালীৰ প্ৰাৰ্থী বাছনিক কেন্দ্ৰ কৰি যি সংঘাতৰ সৃষ্টি হৈছে সেয়া সন্মিলিত বিৰোধী বনাম কংগ্ৰেছ হৈ থকা নাই৷ সেয়া হৈ পৰিছে গৌৰৱ বনাম মিত্ৰদল৷ অৰ্থাৎ য়দি অসম সন্মিলিত মঞ্চ নামৰ বিৰোধী পক্ষ ভংগ হয় তেন্তে দায়িত্ব গ্ৰহণ কৰিব লাগিব গৌৰৱ গগৈয়ে৷
কংগ্ৰেছৰে একাংশ নেতাই অভিযোগ উত্থাপন কৰিছে, যোৰহাটত বিজয়ে গৌৰৱক কৰি তুলিছে অহংকাৰী৷ নিজে গৌৰৱে কৈ দিছে- হাইকমাণ্ডৰ বাদে তেওঁ কাৰো কথা নুশুনে৷ অপৰাজিত হৈ থকাৰ বাসনাই উদগ্ৰীৱ কৰি তুলিছে গৌৰৱক৷
গতিকে বিহালীৰ প্ৰাৰ্থী বাছনিক লৈ তেওঁ কাৰো কথাই নুশুনা হৈছে৷ ৰাজীৱ ভৱনে এতিয়া সেয়ে বিচাৰিছে- গৌৰৱে এসেকা পাওক!