আকৌ এবিধ অচিনাকি সাপ অসমত ওলাইছে৷ ধেমাজি, লখিমপুৰত বংশবৃদ্ধি ঘটা সৰ্পকুলৰ নাম হৈছে জাৰ্ডন পিট ভাইপাৰ৷ অৰুণাচলৰ পৰা বিষাক্ত সাপবিধে অসমত প্ৰৱেশ কৰিছে৷
অসমৰ ভিন্নপ্ৰান্তত সচৰাচৰ পিট ভাইপাৰ প্ৰজাতিৰ আন সাপ উপলব্ধ৷ কিন্তু জাৰ্ডনৰ পিট ভাইপাৰ ৰাজ্যত নাছিল বুলি সৰ্প বিশেষজ্ঞই সদৰী কৰিছিল৷ পিছে অৰুণাচলৰ পৰা প্ৰৱেশ কৰা কেইডালমান বিষাক্ত সেউজীয়া সাপ সম্প্ৰতি ধেমাজিত দৃষ্টিগোচৰ হৈছে৷
সৰ্প বিশেষজ্ঞৰ পৰা আমি লাভ কৰা খবৰ অনুযায়ী ধেমাজিৰ এজন লোকক শেহতীয়াকৈ জাৰ্ডনৰ পিট ভাইপাৰে দংশন কৰিছিল৷৷ সাপবিধে হিম’টক্সিক বিষ ঢালি দিয়াৰ ফলত সংকটজনক হৈ পৰিছিল লোকজনৰ অৱস্থা৷
কিন্তু বিষৰ প্ৰকাৰ পৰীক্ষা কৰি চিকিৎসকো অসমত জাৰ্ডনৰ পিট ভাইপাৰৰ উপস্থিতিক লৈ নিশ্চিত হৈছে৷ বিশেষজ্ঞই সম্প্ৰতি প্ৰকাশ কৰা অনুসৰি অৰুণাচলৰ পাহাৰৰ পৰাই জাৰ্ডনৰ পিট ভাইপাৰ অসমত সোমাইছে৷
সচৰাচৰ এইবিধ সাপ ওখ আৰু ঠাণ্ডা এলেকাত থাকে৷ সেয়ে অৰুণাচলত প্ৰায়ে সাপবিধ দেখা যায়৷ আ৺হাতে জাৰ্ডনৰ পিট ভাইপাৰে এবাৰতো ১২টা পোৱালি জগায়৷ সেয়ে খৰতকীয়া হয় বংশবৃদ্ধি৷