ব্ৰা-পেণ্টী এটাও নাথাকে৷ ধুই শুকাবলৈ মেলি দিলেই চোৰে নিয়ে৷ ৰাতি পহৰা দিও কিন্তু ব্ৰা চোৰক কোনেও ধৰিব পৰা নাই৷ কোন তলকত চোৰে ছাত্ৰীৰ অন্তৰ্বাস চিলনীৰ দৰে থপিয়াই নিয়ে তাৰ কোনেও পাত্তাই নাপায়৷
গুৱাহাটীৰ পাণবজাৰ আৰু উজান বজাৰৰ দুটা PGৰ নিৱাসী ছাত্ৰীয়ে চোৰ ধৰিবলৈ পঢ়া ক্ষতি কৰি পহৰা দিছে৷ কিন্তু বিফল হৈছে ছাত্ৰীসকল৷
কটন বিশ্ববিদ্যালয় আৰু সন্দিকৈ কলেজত পঢ়া ছাত্ৰীসকলে মূলত এই দুটা PGতে বাস কৰে৷ অসমৰ ভিন্নপ্ৰান্তৰ ছাত্ৰীসকলে PGৰ পৰা কলেজলৈ অহা-যোৱা কৰে৷
সেই সুযোগতে ব্ৰা আৰু পেণ্টী চোৰে PGত ছাৰ্জিকেল ষ্ট্ৰাইক চলায়৷ আমাৰ ওচৰত ছাত্ৰীসকলে প্ৰকাশ কৰা অনুসৰি দিনতে চোৰে হোষ্টেলৰ লবীৰ পৰাই চুৰি কৰি নিছে অন্তৰ্বাস৷ কিন্তু সেই স্থানত PGৰ গৰাকীয়ে CCTV কেমেৰা সংস্থাপন কৰিলে৷
পিছে তাৰ পিছত আনঠাইত মেলি দিয়া ব্ৰা-পেণ্টীও চুৰি কৰিবলৈ ধৰিলে কামাতুৰ চোৰে৷ মৰ্যাদাপূৰ্ণ শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীসকল চোৰৰ আক্ৰমণত হৈ পৰিছে হতচকিত৷ তদুপৰি চুৰি কৰি নিয়া ব্ৰা-পেণ্টীৰে ক্ষতিকাৰক তন্ত্ৰ-মন্ত্ৰৰ চিকাৰ হোৱাৰো ভয় কৰিছে ছাত্ৰীসকলে৷
এতিয়ালৈ তেওঁলোকে বিষয়টো ৰাজহুৱা কৰিব বিচৰা নাই৷ কিন্তু শীঘ্ৰে PG দুটাৰ ছাত্ৰীয়ে আৰক্ষীক গোচৰ দিয়াৰো সিদ্ধান্ত লৈছে৷ আমাক তেওঁলোকে জনোৱা মতে ব্ৰা চুৰিৰ সৈতে জড়িত আছে হেদায়েৎপুৰৰ কেইজনমান যুৱক৷