চৰকাৰী-বেচৰকাৰী হাস্পতালৰ সন্মুখতে ৰৈ থাকে এম্বুলেন্স৷ আকৌ ভিতৰত থাকে এম্বুলেন্সৰ এজেণ্ট৷ এইসকলে ৰোগীৰ আত্মীয়ক এম্বুলেন্স ভাৰা কৰিবলৈ উচটনি দিয়ে৷ ফ্ৰী এম্বুলেন্সত গ’লে হাস্পতালত কিমান সুবিধা পাব সেয়াও বুজাই দিয়ে দালালে৷
ৰাজ্যৰ হাস্পতালত ভিৰ কৰিছে এম্বুলেন্সৰ এজেণ্টে৷ বিশেষকৈ কেশৱ মহন্তৰ মন্ত্ৰিত্বৰ কালত তুংগত উঠিছিল স্বাস্থ্যখণ্ডৰ অৰাজকতা৷
আমি লাভ কৰা খবৰ অনুসৰি স্বাস্থ্য বিভাগৰ নিম্নখাপৰ একাধিক কৰ্মচাৰী হৈছে নাৰ্ছিংহোমৰ দালাল৷ তেওঁলোকে চৰকাৰী হাস্পতালত থকা মধ্যবিত্ত পৰিয়ালৰ ৰোগীক বাৰম্বাৰ গুৱাহাটীৰ কেইখনমান হাস্পতাললৈ যোৱাৰ বাবে উচটাই থাকে৷
জানি আচৰিত হ’ব, মেডিকেল কলেজৰ আই চি ইউতো আছে নাৰ্ছিংহোমৰ এজেণ্ট৷ তেওঁলোকে ৰোগীক দেখা কৰিবলৈ যোৱাৰ সময়তো আত্মীয়ক গুৱাহাটীৰ নাৰ্ছিংহোমলৈ নিয়াৰ কথা কয়৷
কেবাখনো নাৰ্ছিংহোমে দিয়ে আকৌ ফ্ৰী এম্বুলেন্স সেৱা৷ ৰাজ্যৰ প্ৰতিখন চহৰৰ পৰা গুৱাহাটীলৈ তেওঁলোকে বিনামূল্যে ৰোগী কঢ়িয়াই নিয়ে৷
নাৰ্ছিংহোমৰ এজেণ্টৰ কথা শুনি সৰ্বস্বান্ত হৈছে ৰোগীৰ পৰিয়াল৷ বৰ্তমানো বিভিন্ন চৰকাৰী হাস্পতালত সোমাই আছে নাৰ্ছিংহোমৰ এজেণ্ট৷ সেইসকলে ৰোগীৰ খবৰ দিছে গুৱাহাটীৰ নাৰ্ছিংহোমক৷