ৰাইজ বজাৰখন সামৰক, কাণ্ডবোৰ দেখিবলৈ বৰ বেয়া হৈছে৷
এই কথাষাৰ আমি জনগোষ্ঠীয় সংগঠনৰ নেতাসকলক কৈছোঁ৷ কৈছোঁ মানে ক’বলৈ বাধ্য হৈছোঁ৷
আমি গণনা কৰি চালো- অসমত সম্প্ৰতি আহোম জনগোষ্ঠীয় সংগঠনৰ সংখ্যা হৈছে ডেৰকুৰিৰো বেছি৷ কোনোবাই এই সংখ্যা ৩৮টা বুলিও আমাক জনাইছে৷
পূৰ্বে মূল আহোম সংগঠন আছিল দুটা৷ আটাছু আৰু টাইপা। সম্প্ৰতি আটাছু দুফাল হ’ল৷ এফালৰ নেতৃত্বত আছে বসন্ত গগৈ৷ আনটো ফৈদ মিলনৰ নেতৃত্বাধীন৷
লগতে টাইপাৰো তিনিভাগত বিভাজন হ’ল৷ বিজয়, ৰাণাৰঞ্জন আৰু দিগন্ত নামৰ তিনিজন নেতাই বিভাজিত টাইপাৰ গুৰি ধৰিছে৷ লগতে আছে আহোম জাতীয় গণমঞ্চৰ দৰে সংগঠন৷ তাৰ পিছতো আহোম জনগোষ্ঠীয় সংগঠন ৩৮টালৈ বৃদ্ধি হৈছে৷
দেউৰী জনগোষ্ঠীৰ আছে ২১টা সংগঠন৷ এইবোৰৰ বেছিভাগৰে সদস্য কিন্তু একুৰিতকৈ বেছি নহয়৷ প্ৰথমে এটা সংগঠনেই গঠন হোৱাৰ পিছত নেতাই ন্যস্তস্বাৰ্থ পূৰণ কৰিবলৈ বিভাজন আৰম্ভ কৰে৷ তেনেদৰে বিভাজনৰ ফলত দেউৰী জনগোষ্ঠীয় সংগঠন ২১টালৈ বৃদ্ধি হৈছে৷
কোচ-ৰাজবংশীৰ সংগঠনো যেন অসমত গজিহে উঠিছে৷ কেৱল আক্ৰাছুৰে ফৈদ হৈছেগৈ প্ৰায় ১১টা৷ প্ৰতিটো ফৈদেই প্ৰকৃত আক্ৰাছু বুলি নিজকে দাবী কৰে৷
সংগঠনৰ যেন মেলাহে বহিছে অসমত৷ কিন্তু নাই সদস্যহে৷