ধুনীয়া ছোৱালীক পথাৰলৈ লৈ গৈছে ফটোগ্ৰাফাৰে

অসমীয়াই পইচা পালে৷ কমেও ৪ লাখ টকাৰ ৰবাব টেঙা এদিনতে বিক্ৰী হ’ল৷ কঙালী বিহুৰ প্ৰচলিত পৰম্পৰা অনুসৰি উজনিৰ ভিন্নঠাইত ৰাইজে খাই ৰবাব টেঙা৷ শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ লগতে উজনিৰ প্ৰায়কেইখন জিলাত কাতি বিহুতে ৰবাব টেঙা খোৱাৰ নিয়ম প্ৰচলিত হৈ আহিছে৷ সেয়েহে বিহুৰ দিনটোত বজাৰত ওলাল দ’মে দ’মে ৰবাব টেঙা৷ কিন্তু ডিব্ৰুগড়ৰ বজাৰত পিছবেলালৈ শেষ হ’ল সকলোবোৰ ৰবাব টেঙা৷ গোটে কমেও ২০ টকা দৰত বেচি ৰবাব টেঙা শেষ কৰিলে খাটী অসমীয়া বেপাৰীয়ে৷

আনহাতে বিহুত সৰ্বাধিক আয় কৰিলে ৰাজ্যৰ ফটোগ্ৰাফাৰসকলে৷ নিয়ম ভাঙি ফটোজেনিক জীয়ৰী-বোৱাৰীয়ে দিনতে পথাৰত চাকি জ্বলালে৷ গধূলিলৈ অপেক্ষা নকৰি দিনতে পথাৰত বন্তি প্ৰজ্বলন কৰি তেওঁলোকে কৰিলে ফটোশ্বুট৷ চাৰিখন জিলাত চৰজমিন জৰীপ চলাই আমি লাভ কৰা খবৰ অনুসৰি কাতি বিহু কঙালী নহ’ল ফটোগ্ৰাফাৰ৷ অসমীয়া ফটোগ্ৰাফাৰে চাৰিখন জিলাতে প্ৰায় ৬ লাখ টকা উপাৰ্জন কৰিলে৷ পথাৰত ভিন্ন প’জত তেওঁলোকে জীয়ৰী-বোৱাৰীক উঠালে ফটো৷ কেমেৰা ক্লিক কৰি বিহুৰ উপলক্ষতে তেওঁলোকে দুপইচা আয় কৰিলে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email