অথন্তৰ কোনে লগালে? অসমৰ কৰিশ্মাই নেকি? হাজাৰ হ’লেও ছলমান খান ঠিকেই আছিল৷ ১৯৯৮ চনত কৃষ্ণসাৰ মৃগ চিকাৰৰ অভিযোগৰ পিছতো ছলমানৰ বিশেষ সমস্যা হোৱা নাছিল৷ ফুটপাথত শুই থকা মগনীয়াৰ ওপৰেৰে গাড়ী চলোৱাৰ পিছতো বিং হিউমেন বুলি কৈয়েই সাৰি গৈছিল ছলমান৷
পিছে অসমৰ কৰিশ্মাই লগ ধৰাৰ পিছতে ছলমানৰ দুৰ্যোগ আৰম্ভ হৈ গ’ল৷ কৰিশ্মা হাজৰিকা নামৰ অসমৰ সুন্দৰীগৰাকীয়ে গামোচা পিন্ধোৱাৰ পিছতে পলাই থাকিবলগীয়া হ’ল ছলমান৷
মডেলিঙৰ পিছত বলীউডত প্ৰৱেশৰ বাবে উচ্চাকাংক্ষা পুহি ৰখা কৰিশ্মাই কেইদিনমান পূৰ্বেহে পাইছিল ছলমানৰ সাক্ষাৎ৷ মুম্বাইৰ অৰ্পিতা ফাৰ্ম হাউছত কেবাঘণ্টীয়া অপেক্ষাৰ পিছত ওলাইছিল ছলমান৷
তাৰ পিছতে অসমৰ হৃষ্ট-পুষ্ট সুন্দৰীয়ে ছলমানক পিন্ধাইছিল গামোচা৷ ছলমান খানৰ সৈতে কেবাকপি ফটোও উঠিছিল কৰিশ্মা৷ সেই ফটোৱেই তেওঁ আপলোড কৰিছিল ছ’চিয়েল মিডিয়াত৷
সাক্ষাতৰ সময়ত কৰিশ্মাক ছলমানে সুধিছিল- তুমি পাৰ্টী কৰানে? তেতিয়া কৰিশ্মাই মাত্ৰ কৈছিল- No…
কিন্তু অসমৰ আবেদনময়ী কৰিশ্মাক লগ পোৱাৰ পিছতে এন্দুৰৰ দৰে গাঁতত সোমাইছে ছলমান৷ বলীউডৰ ডন বুলি নিজকে চিনাকি দিয়া ছলমানৰ ভয়তে কঁপি উঠিছে৷
কিন্তু প্ৰশ্ন হৈছে- কৰিশ্মায়েই সৰ্বনাশ কৰিলে নেকি ছলমানৰ! হঠাতে আকৌ কিয় বিষ্ণয় গেঙৰ নজৰত পৰিল ছলমান! অসমৰ সুন্দৰী কৰিশ্মায়েই বিপদত পেলালে নেকি ছলমানক!