মানুহ মৰিলেই লাভ হয় তেওঁলোকৰ


কোনোবা ধনী মানুহ মৰিছে নেকি?
দৰ্শকবৃন্দ, এনে ভাষা ব্যৱহাৰৰ বাবে ক্ষমা কৰিব৷ কিন্তু কথাটো সঁচা৷ অৱস্থাপন্ন ঘৰত কাৰোবাৰ মৃত্যু হৈছে নেকি তাৰেই খবৰ বিচাৰি পিয়াপি দি ফুৰে এচাম লোকে৷ কিন্তু সেইসকলৰ দুখীয়া পৰিয়ালৰ সৈতে সম্পৰ্ক নাই৷
মৃতকৰ পৰিয়ালক সহায় কৰাও তেওঁলোকৰ উদ্দেশ্য নহয়৷ সেইসকলৰ কাম হৈছে মৃত্যুৰ বেপাৰ৷ আচলতে বহু চহৰীয়া পৰিয়ালে লাখ লাখ টকা খৰচ কৰি হ’লেও প্ৰয়াত অভিভাৱকৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উলিয়াবলৈ চেষ্টা কৰে৷
পিছে পৰাপক্ষত মৃতক যিহেতু অখ্যাত হয় গতিকে তেওঁৰ বিষয়ে উন্নত লেখা সংগ্ৰহ কৰাও দুৰূহ হৈ পৰে৷ তদুপৰি কৰ্মজীৱনত সোঁৱে-বাঁৱে ধন ঘটি উচ্চপদৰ পৰা অৱসৰ লোৱা বিষয়া, ব্যৱসায়ী অথবা ঠিকাদাৰ আদিৰ পৰিয়ালকহে তেওঁলোকে টাৰ্গেট কৰি লয়৷ গতিকে জীৱনকালত চহকী হ’লেও তেনে মৃতকৰ বিষয়ে লিখিবলগীয়া মধুৰ সোঁৱৰণো কমসংখ্যক লোকৰহে থাকে৷৷
লগতে পৰিয়ালৰ সদস্যৰো তেতিয়া স্মৃতিগ্ৰন্থৰ কামত লাগি থকাৰ সময়ো নাথাকে৷
এই সুযোগতে স্মৃতিগ্ৰন্থৰ ঠিকা লোৱা NGO অসমৰ কেবাখনো চহৰত আৰম্ভ হৈছে৷ মৃতকৰ পৰিয়ালে টকা দিলেই হ’ল, তেওঁলোকে পেছাদাৰী লেখকৰ হতুৱাই মৃতকৰ গুণানুকীৰ্তন কৰা লেখা সংগ্ৰহ কৰে৷ সেই লেখা পৰিয়ালে পছন্দ কৰা লেখকৰ নামতো ছপাই দিয়ে৷
মৃতকৰ বিষয়ে সবিশেষ তথ্য সংগ্ৰহ কৰি NGO বোৰে উন্মোচনী পৰ্বও ঠিক কৰে৷ পৰিয়ালে বিচৰা ধৰণেৰে উন্মোচনী পৰ্বত মানুহ গোটোৱা হয়৷ সেইসকলে হাততালি বজোৱাৰ বিনিময়ত হাজিৰা পায়৷
এইদৰেই প্ৰথমে গুৱাহাটীত আৰু এতিয়া ডিব্ৰুগড়, বৰপেটা আদিত আৰম্ভ হৈছে মৃত্যুৰ বেপাৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email