চাংকাকতী পথৰ নামো হ’লৈ আলি আহাদ ৰোড!

সঁচা কথা ক’বলৈ গ’লে মিঞাই একো ভুল কৰা নাই৷ আমি ক’বলৈ ওলাইছো মিঞাজান পথৰ কথা৷ শেহতীয়াকৈ হঠাতে হাতীগাঁৱত মিঞাজান পথৰ ছাইনব’ৰ্ডখন GMCৰ বুলড’জাৰে ভাঙি পেলাইছে৷ কিন্তু সেই ছাইনব’ৰ্ডখন ভাঙিবলৈ আচলতে GMCৰ অধিকাৰ নাই৷ কাৰণ সৰ্বানন্দ সোণোৱালৰ আমোলত GMCয়েই পথটোৰ আৰম্ভণিতে ছাইনব’ৰ্ডখন সংস্থাপন কৰিছিল৷
এতিয়া আহোঁ মিঞাজানৰ কথালৈ৷ বিতৰ্ক হৈ থকা মিঞাজান পথৰ আঁৰৰ মানুহজন হৈছে হাতীগাঁও সিজুবাৰীৰ মিঞা জান আলি। তেওঁ কেবাবছৰ পূৰ্বে মৃত্যু হৈছে৷
এই মিঞাজানৰে নাতি হৈছে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ৷ দৰাচলতে দানী মানুহ মিঞা জানে ১৮ বিঘা মাটি ৰাস্তা, মছজিদ আদিৰ নামত দান কৰিছিল৷ সেইসূত্ৰে স্থানীয় ৰাইঝ তেওঁ প্ৰতি কৃতজ্ঞ৷ যাৰ বাবে মছজিদ আৰু পথ মিঞাজান বুলি নামকৰণ কৰিছিল৷
সেই নামেই এতিয়াহে কন্দল লগালে৷ ইমানদিনে একো বিতৰ্ক নহ’ল, কিন্তু হঠাতে GMCয়ে ভাঙি পেলালে ছাইনব’ৰ্ড৷
কিন্তু ককাদেউতাৰ প্ৰতি কৰা অপমানৰ পিছতো চুপ হৈ থাকিল বিধায়ক নাতি ৰেকিবুদ্দিন৷
অৱশ্যে অসমৰ ভিন্ন পথৰ ইছলামিক নামকৰণৰ কথাও মিছা নহয়৷ ডিব্ৰুগড়ৰ পল্টন বজাৰৰ শাক পাচলি বজাৰ থকা পথৰ নাম পূৰ্বে আছিল চাংকাকতি পথ৷
কিন্তু কিছুদিন আগতে মুছলমান বাসিন্দাই ৰাস্তাতো আলি আহাদ ৰোড বুলি নামকৰণ কৰিলে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email