যিমান কন্দা-কটা কৰিলেও ৰক্ষা নাপায় চুমি বৰাই৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে চুমিক জেৰা কৰিব CBIয়ে৷ কেন্দ্ৰীয় তদন্তকাৰীয়ে অসমৰ ট্ৰেডিং কেলেংকাৰিৰ নায়িকাক জে’লতে সোধা-পোছা কৰিব৷ যাৰ বাবে ইতিমধ্যে CBIয়ে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে৷
আনহাতে ট্ৰেডিং কেলেংকাৰিৰ শিপা আকৌ দুলীয়াজানত বিচাৰি পাইছে অসম আৰক্ষীয়ে৷ অনানুষ্ঠানিক সূত্ৰই সদৰী কৰা অনুসৰি দেশৰ এটা আগশাৰীৰ প্ৰতিষ্ঠানতো আছে বিশাল ফুকনৰ ক্লায়েণ্ট৷ যিসকলে দুইনম্বৰী পথেৰে উপাৰ্জন কৰা ধন বিশালৰ জৰিয়তে বিনিয়োগ কৰিছে৷
দেশৰ অন্যতম চহকী বুলি জনাজাত প্ৰতিষ্ঠানটোৰ এজন অফিচাৰৰ সৈতে বিশাল দুলীয়াজনৰ হোটেলত প্ৰায়ে মিলিত হৈছিল৷ কাৰ্যবাহী অভিযন্তা পৰ্যায়ৰ বিষয়াজনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল বিশালৰ৷ তেওঁ তিনিচুকীয়া জিলাৰ এটা খাদত জুই লগাৰ সময়ত নানা ভেকোভাওনাৰে ঘটা কোটি কোটি টকা বিশালক ট্ৰেডিঙত বিনিয়োগ কৰিবলৈ প্ৰদান কৰিছিল৷
আনহাতে উক্ত বিষয়াজনৰ জৰিয়তে কোম্পানীটোত চাকৰি দিয়াৰ ক্ষমতাও লাভ কৰিছিল বিশালে৷ প্ৰায় ৩৫ লাখ টকা ঘোচ লৈ বিষয়াজনে কোম্পানীত চাকৰি দিছিল বিশালে মনোনীত কৰা প্ৰাৰ্থীক৷
এইসকলৰ সৈতেও চুমি বৰা আছিল মধ্যস্থতাকাৰী৷ তেৱেঁই বিশালক সকলোৰে সৈতে চিনাকি কৰি দিছিল৷ বিশালে সুবিধা বুজি এজন আত্মীয়কো কোম্পানীটোত চাকৰি দিছিল৷
সমস্ত ঘটনাৰ তথ্য CBIক তদন্তকাৰীয়ে বৰ্তমান হস্তান্তৰ কৰিছে৷ গতিকে হীৰাৰ আঙুঠি হেৰোৱা বুলি ক’লেও CBIক আন কথাবোৰ ক’বই লাগিব চুমিয়ে৷