অসমীয়া এনে এক সমৃদ্ধ জাতি, য়ি কঙালীকো উদযাপন কৰিব পাৰে৷ অভাৱক পাহৰি ভোগালীক আৱাহন কৰে অসমীয়াই৷
কিন্তু কাতি আগতে সচাঁই কঙালী আছিল৷ কাতি মাহ বুলিলেই আছিল ভঁৰাল উদং হোৱাৰ বতৰ৷ পেটত পানী গামোচা বান্ধিয়েই শুইছিল দৰিদ্ৰ উপান্ত কৃষক৷
ভাবকচোন, সোণগুটি সৰা অসমৰ পথাৰৰ ধানো কাতিলৈ শেষ হৈছিল! কিন্তু কাতি এতিয়া জানো কঙালী?
ৰ’ব শুনক
কাতিৰ অভাৱ মোচন কৰা মানুহকেইজনক আমি জানো পাহৰিব পাৰোঁ?
আগতে বানৰ সময়তে অসমৰ পথাৰত গেলি গৈছিল ন-ভূঁই৷ লাহি-শালিৰ থোক সৰিছিল৷ সেই বাবেই হাতে কামে লাগিছিল তিতাবৰৰ কেইজনমান কৃষি বিজ্ঞানী৷
যোৱা শতিকাৰ আশীৰ দশকৰ কথা৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ তিতাবৰৰ ধান গৱেষণা কেন্দ্ৰৰ দুজন বিজ্ঞানী ডঃ গীতেশ দাস আৰু ডঃ ৰুদ্ৰকান্ত মজিন্দাৰ বৰুৱাই মাচুৰী বা আইজুং অথবা পাইজুং ধানৰ সৈতে পংকজ ধানৰ সংমিশ্ৰণ ঘটাই অধিক উৎপাদনক্ষম ধান জাতৰ উৎপাদন কৰিবলৈ গৱেষণা কৰিছিল৷
১৯৯৪ চনত তেওঁলোক সফল হ’ল৷ গৱেষণাগাৰত আৱিষ্কাৰ হ’ল ৫টা নতুন জাত ক্ৰমে ৰঞ্জিত, বাহাদুৰ, কুশল, মণিৰাম আৰু পিয়লি।
ইয়াৰ ভিতৰত ৰঞ্জিত আৰু বাহাদুৰ অসমত অত্যন্ত প্ৰচলিত হৈ পৰিল৷ আচলতে ৰঞ্জিত আৰু বাহাদুৰেই অসমৰ ধান অৰ্থনীতি সৰ্ম্পূণকৈ সলাই পেলালে৷
এয়াই হৈছে কাতি এতিয়া কঙালী নোহোৱাৰ মূল কথা৷