অসমৰ বান্দৰ মাংসভোজী হ’ল৷ খাহী ছাগলী অথবা গাহৰি মাংস খাবলৈ শিকিলে বান্দৰে৷ ৰ’ব, আৰু মাত্ৰ কেইদিনমানহে বাকী আছে৷ তাৰ পিছত মানুহক উচ্ছেদ কৰি কপিকুলে ঘৰো দখল কৰিব৷
এয়াই হৈছে বাস্তৱ সত্য৷ অসমৰ ৭০ শতাংশ গ্ৰামাঞ্চলত গঞাই বৰ্তমান জলকীয়া এডালো লগাব নোৱাৰে৷ বান্দৰে নেফানেফ কৰে সকলো পাচলি৷
গতিকে গ্ৰামাঞ্চলৰ অৰ্থনীতিতো প্ৰভাৱ পৰিছে৷ প্ৰতিপদ বস্তুৱেই কিনি খাবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত জুৰুলা হৈছে সাধাৰণ লোক৷
আনহাতে গোলাঘাট, যোৰহাট আৰু শিৱসাগৰৰ কপিকুল মাংস ভক্ষক হৈ পৰিছে৷ স্থানীয় ৰাইজৰ চৰুৰ পৰা কাঢ়ি নিছে মাংসৰ কেৰাহী৷
গ্ৰীলত আকৌ লোহাৰ নেট লগায়ো ৰাইজে বান্দৰ প্ৰতিৰোধ কৰিব পৰা নাই৷ অত্যধিক প্ৰজননৰ পৰিণতিত থিতাতে বান্দৰৰ সংখ্যা বৃদ্ধি হৈছে৷
শিৱসাগৰত বিয়াঘৰৰ পৰাও আকৌ বান্দৰে থপিয়াই নিছে কইনাৰ সোণৰ অলংকাৰ৷ ৰাইজে কপিকুলৰ উৎপাতত সুঁৱৰিছে ত্ৰাহি মধসূদন৷