শৌচৰ সমস্যাত আক্ৰান্ত অসমীয়া

কামৰ কথা ক’লেই কয়- নাই নাই দেই, মোৰ একদম সময় নাই৷ আনৰ বাবে খৰচ কৰিবলৈ কাৰোৰে সময় নাই৷ সকলো ব্যস্ত৷ পিছে ব্যস্ততাৰ যুগত কাম ক্ষতি কৰি হ’লেও ৭০ শতাংশ লোকেই ম’বাইল টিপি লেট্ৰিনত সোমাই থাকে৷ আগৰ মানুহৰ দৰে এটা উশাহতে শৌচ কৰি বেছিভাগ লোকেই লেট্ৰিনৰ পৰা ওলাব নোৱাৰে৷ লিভাৰৰ অসুখত ভুগি থকা লোকসকলে অশেষ চেষ্টাৰ বলতহে কষ্টৰ পৰা সকাহ পাব পাৰে৷
হেলডী আছাম নামৰ সংস্থাটোৰ ৰাজ্যজোৰা সমীক্ষাত পোহৰলৈ আহিছে অসমৰ ৰাইজৰ ৰোগৰ কথা৷ সমীক্ষকে সদৰী কৰা অনুসৰি বয়োবৃদ্ধৰ কথা বাদেই অসমৰ যুৱচামৰো সৰহসংখ্যক হজমজনিত ৰোগত আক্ৰান্ত৷ ফলত তেওঁলোকে পুৱা পেট খোলোচাকৈ শৌচ কৰিব নোৱাৰে৷
দিনটোলৈ আজৰি হ’ব পৰাকৈ অসমৰ ৫০ শতাং যুৱক-যুৱতীয়েই পুৱাই মলত্যাগ কৰিব নোৱাৰে৷ ফলত তেওঁলোক আকৌ এবাৰ শৌচাগাৰত সোমাবলগীয়া হয়৷ এই সমস্যাই তেওঁলোকৰ কৰ্মজীৱনতো প্ৰভাৱ পেলাইছে৷
হেলডী অসমৰ সমীক্ষা অনুসৰি গাঁও বা চহৰ সকলোতে সমস্যা অনুৰূপ৷ লিভাৰৰ দোষৰ বাবে শৌচ কঁছা হোৱাৰ ফলত ৭০ শতাংশ লোকে শৌচাগাৰত অধিক সময় বহি থাকিবলগীয়া হয়৷ এঘণ্টা সময় ম’বাইল টিপি টিপি শৌচ কৰোতেই খৰচ কৰে তেওঁলোকে৷
কেৱল খাদ্যাভাষৰ বাবে অসমৰ লোকসকল সম্প্ৰতি অসুস্থ হৈ পৰিছে৷ কিন্তু পৰিত্ৰাণৰো নাই কোনো পথ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email