ধাৰমুক্ত হোৱাৰ বাবে লক্ষ্মীপূজাতে কৰক এইকেইটা অভ্যাস

আপোনাৰ যিমানেই মৰমৰ নহওক কিয়, মৃতকৰ ফটো কেতিয়াও মানীবেগত নথ’ব৷ প্ৰয়াত পিতৃ-মাতৃৰ ফটোও পাৰ্ছত নথ’বই৷ অন্যথা আপোনাৰ পকেট শূন্য হৈ পৰিব৷
আজি পৱিত্ৰ লক্ষ্মী পূজাৰ দিনটোত শুনক অনবৰতে অভাৱৰ সন্মুখীন হোৱাৰ কেইটামান কাৰণ৷ যিমানে পইচা ঘটিও মানীবেগ সদায় খালী হৈ থকাৰ কেইটামান কাৰণ আছে৷ এই কাৰণকেইটা লক্ষ্মী পূজনৰ পৰিপন্থী৷
যদি আপোনাৰ ঘৰত বাদুলীয়ে বাহ লৈছে, সেয়া হৈছে অভাৱৰ সংকেত৷ আনহাতে খাদ্য খোৱাৰ পিছত জুঠা হাতেই মূৰ স্পৰ্শ কৰাটোও লক্ষ্মী পূজনৰ পৰিপন্থী৷
বিশাৰদৰ মতে খাদ্য গ্ৰহণৰ পিছত যি থালতে হাত ধোৱে তেওঁ কেতিয়াও অভাৱমুক্ত নহয়৷ একেদৰে শোৱাৰ পূৰ্বে নোট গণনা কৰাও ধৰ্মবিৰোধী৷
অভাৱৰ আন এটা কাৰণ হৈছে ভঙা আইনা ব্যৱহাৰ কৰা৷ মুখ চোৱা আইনা বা চাহ খাবলৈ ভঙা কাপ ব্যৱহাৰ কৰাটো হিন্দু ধৰ্ম অনুসৰি অশুভ৷ তদুপৰি নিজৰ উপাৰ্জনৰ বিষয়ে আনক গৌৰৱেৰে কোৱাটোও অভাৱৰে লক্ষণ৷
লক্ষ্মী পুৰাণ অনুসৰি ঘৰত মৌমাখিয়ে বাহ লোৱাও অমংগলৰ সংকেত৷ তদুপৰি মানীবেগত পুৰণি বিল জমা কৰি ৰখাটোও অভাৱৰ কাৰণ হ’ব পাৰে৷
যদি আপুনি গাইগৰুক ভৰিৰে স্পৰ্শ কৰে তেন্তে আপুনি লক্ষ্মীৰ নেতিবাচক প্ৰভাৱত আক্ৰান্ত হোৱাটো খাটাং৷ গতিকে এনে ভুল কেতিয়াও নকৰিব৷ তদুপৰি ভঙা ফণীৰে মূল আঁচোৰাও লক্ষ্মী পুৰাণ অনুসৰি ভুল৷ ইয়াৰ বাবেও অনাটনৰ সূচনা হ’ব পাৰে৷
সন্ধ্যা সময়ত আকৌ যিজনে লোক শুই পৰে তেওঁ কেতিয়াও ধাৰমুক্ত নহয়৷ একেদৰে দাঁতেৰে নখ কামুৰি থকাজনো চিৰজীৱন ধৰুৱা হৈ থাকিব লাগে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial