ডাক্তৰৰ সময় নোহোৱা হৈছে

প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবোৰত ৰোগীৰ ভিৰ লাগিছে৷ ৮০ শতাংশ ৰোগীৰ মতে তেওঁলোকৰ- বৰ গেছ হৈছে!
ভাত খাবলৈ মন যোৱা নাই, পেটতো একো নোখোৱাকৈয়ে ওফন্দি আছে৷
কেইজনমানে আকৌ ঘনাই পায়খানা কৰা বুলিও জনাইছে চিকিৎসকক৷ উজনি-নামনি সৰ্বত্ৰ গ্ৰামাঞ্চলৰ PHEত ৰোগীৰ ভিৰ চৰকাৰী নথিয়েই বৰ্তমান প্ৰমাণ কৰিছে৷
কিন্তু আচম্বিতে কিয় বাঢ়িছে ৰোগীৰ সংখ্যা?
এই কাৰণটো চিকিৎসকে অৱশ্যে উদঘাটন কৰিছে৷ এই সন্দৰ্ভত আমি শোণিতপুৰ আৰু ডিব্ৰুগড়ৰ গ্ৰামাঞ্চলত কৰ্মৰত চিকিৎসকৰ সৈতে যোগাযোগ কৰিছিলোঁ৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি পূজাৰ পিছৰ অসুস্থতাৰ কাৰণ হৈছে জেলেপী৷
কাৰণ পূজাত মিঠাইৰ দোকান দিয়া বেপাৰীয়ে সপ্তমীতে কেৰাহীত প্ৰথমবাৰলৈ তেল ঢালিছিল৷ যোৱা ছদিনধৰি তেওঁলোকে সেই তেলিখিনি পেলোৱা নাই৷
একেটা কেৰাহীতে আকৌ তেল ঢালি ঢালিয়েই জেলেপী ভাজিয়েই আছে৷ ফলত তেলে বৰ্তমান ম’বিলৰ ৰূপ লৈছে৷
অৱশ্যে এইবাৰেই প্ৰথম এনে হোৱা নাই৷ কিন্তু বৰ্তমান তেলৰ অতিপাত দামবৃদ্ধিৰ ফলত বেপাৰীয়ে নিম্নমানৰ তেল ব্যৱহাৰ কৰিছে৷
একেবাৰে সস্তীয়ে তেলত ভাজিছে জেলেপী৷ ফলত পেটৰ ৰোগত ভুগিছে খাওতা৷
গতিকে লুভীয়া গ্ৰাহকে মিঠা জেলেপী খাই এতিয়া কৈছে- মোৰ বৰ গেছ হৈছে অ’…

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email