এবাৰ ভাবি চোৱাৰ সময়ত আমি উপনীত হৈছোঁ৷ ভাবকচোন, হিন্দী হাৰ্টলেণ্ডৰ মূল ভূমি হাৰিয়ানাতো আজি জাতীয়তাবাদ ধূলিস্যাৎ হৈ গ’ল৷ ৰাষ্ট্ৰীয়তাবাদীৰ সৈতে মিত্ৰতা ভংগ কৰিও জনতাৰ আস্থা অৰ্জন কৰিব নোৱাৰিলে ঘৰৰ ল’ৰাৰ ৰাজনৈতিক দলে৷অসমৰ দৰেই হাৰিয়ানাতো একালত শক্তিশালী আছিল জাতীয়তাবাদ৷ সেইখন ৰাজ্যতে শক্তিশালী আছিল দুষ্যন্ত চৌতালাৰ জননায়ক জনতা পাৰ্টী৷ যোৱাবাৰ বিজেপিয়ে চৰকাৰ গঠনৰ বাবেও গ্ৰহণ কৰিছিল JJPৰ সমৰ্থন৷ পিছে এইবাৰ দলটো উটি গ’ল৷ অসমত অগপ যেনেকৈ ধূলিস্যাৎ হৈছিল সেইদৰেই হাৰিয়ানাত JJP নিশ্চিহ্ন হৈ গ’ল৷
একালত হাৰিয়ানা মানেই আছিল INLDৰ ঘাটী৷ সংখ্যাগৰিষ্ঠ জাট সমাজে একচেতিয়াকৈ ভোট দিছিস INLDক৷ পিছে এইবাৰ চাওক- INLDয়ে পালে দুখন আসন৷
অৰ্থাৎ এবাৰ ৰাষ্ট্ৰীয়তাবাদীৰ সৈতে মিত্ৰতাৰ পিছত নিশ্হিন্ত হৈ গৈছে আঞ্চলিকতাবাদী শিবিৰ৷ পূৰ্বৰ মিত্ৰতাৰ লাভ আদায় কৰি BJP ঠিকেই জিকিল৷ কিন্তু JJP নোহোৱা হৈ গ’ল৷
গতিকে অসমৰ কথাও ভাবিবলৈ সময় হ’ল৷ জাতীয়তাবাদৰ ভৱিষ্যৎ চিন্তা কৰাৰ সময় সমাগত৷