কোনে দিলে নিৰ্বাচন আয়োগক পত্ৰ

কংগ্ৰেছে অভিযোগ তুলিছে- হাৰিয়ানা ইচ্ছাকৃতভাৱে বিলম্বিত কৰা হৈছে ভোটগণনা৷
লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ দিনটোত কেবাখনো ৰাজ্যৰ ভোট গণনাৰ তথ্য প্ৰকাশত নিৰ্বাচন আয়োগে বিলম্ব কৰিছিল৷ একেদৰে আজি হাৰিয়ানাৰ ফলাফলৰ গণনাতো সেই একেই কৌশল প্ৰয়োগ কৰা হৈছে৷
কংগ্ৰেছে উত্থাপন কৰা অভিযোগ অনুসৰি হাৰিয়ানাৰ বহুকেইটা সমষ্টিত কেতিয়াবাই ১০ বা ১১ ৰাউণ্ডৰ গণনা শেষ হৈছে। কিন্তু নিৰ্বাচন আয়োগে বহু দেৰীলৈ ৪/৫ ৰাউণ্ডৰ গণনাৰ তথ্যহে প্ৰকাশ কৰিছে। অৰ্থাৎ পুৱা ৯ বজাৰ পৰা ১১ বজালৈকে নিৰ্বাচন আয়োগে আচৰিত ধৰণেৰে পলম কৰিছে।
কংগ্ৰেছৰ মতে নিৰ্বাচন আয়োগে যেতিয়ালৈ বিজেপিৰ ফলাফল আশানুৰুপ আছিল সেইটোৱেই বাহাল ৰাখিছে। কিন্তু তথ্য অনুসৰি এতিয়া সেই ফলাফল যথেষ্ট সলনি হৈছে।
এই অভিযোগ তুলি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে জৰুৰীভাৱে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial