খেল সামৰি উভতি গ’ল কোহলি

আজিকালি ভাৰতৰ গৰম সহিবই নোৱাৰে বিৰাট কোহলিয়ে৷ স্বদেশৰ গৰম পৰিৱেশত থাকিও অশান্তি পাই ক্ৰিকেটাৰজনে৷ সেয়ে খেলৰ বাদে আন সময়ত ভাৰতত নাথাকে কোহলি৷ স্বদেশৰ অনুৰাগীয়েই মহীয়ান কৰা কোহলিয়ে বাস কৰে লণ্ডনত৷
ভাৰ্যা আৰু পুত্ৰ-কন্যাৰ সৈতে কোহলিয়ে বৰ্তমান ইংলেণ্ডত বাস কৰে৷ ভাৰতৰ হৈ ক্ৰিকেট খেলে যদিও সকলো সময়তে বিদেশতে থাকে স্বনামধন্য ক্ৰিকেটাৰজন৷
বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবেও সাময়িকভাৱেহে ভাৰতলৈ আহিছিল কোহলি৷ খেলা শেষ হোৱাৰ পিছতে তেওঁ ইংলেণ্ডলৈ উভতি গৈছে৷ নিশ্চিত খবৰ অনুসৰি কোহলিয়ে অৱসৰৰ পিছতে ইংলিছ নাগৰিকত্ব গ্ৰহণ কৰিব৷
আনহাতে শীতপ্ৰধান দেশত বসতিৰ বাবে খেলতো সমস্যা হৈছে কোহলিৰ৷ তেওঁ বৰ্তমান ভাৰতৰ উষ্ণতা সহিব নোৱাৰা হৈছে৷ বাংলাদেশৰ বিৰুদ্ধে খেলৰ সময়তো কঁপালত বৰফ সানিহে খেলিবলগীয়া হৈছিল কোহলিয়ে৷
এতিয়া কোহলিৰ পত্নীয়েও ইংলেণ্ডলৈ কৰ্মক্ষেত্ৰ সলনি কৰিছে৷ সম্ভৱ অনাগত সময়ত বলীউডৰ ছবিত দেখা নাযাব কোহলিৰ চেলিব্ৰিটী ভাৰ্যা অনুষ্কাক৷
ভাৰতৰ অনুৰাগীয়েই বিখ্যাত কৰি তোলা কোহলিয়ে কিন্তু শেষত উপেক্ষা কৰিলে স্বদেশক৷ চহকী দেশতহে ঘৰ সাজিলে কোহলিয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email