বহুদিন মিঞা সোমোৱা নাছিল৷ পিছে হঠাতে আকৌ উত্তপ্ত হৈ পৰিছে বাংলাদেশ সীমান্ত৷ বাংলাদেশত মৌলবাদীৰ অতপালি যিমানে বাঢ়িছে, সিমানে অনুপ্ৰৱেশৰ চেষ্টা কৰিছে মিঞাই৷ কিছুদিনৰ ভিতৰতে সীমান্তত ধৰা পৰিছে অনুপ্ৰৱেশকাৰী শতাধিক মিঞা৷
এইখিনিতে প্ৰাসংগিক হৈ পৰিছে প্ৰাক্তন ৰাজ্যপাল এছ কে সিনহা৷ দৰাচলতে তেওঁ ৰাজ্যপাল হৈ নহালৈ অসমলৈ বাংলাদেশীৰ অনুপ্ৰৱেশ হৈ পৰিছিল পৰিত্যক্ত ৰাজনৈতিক বিষয়৷ কংগ্ৰেছ-অগপ কোনেও অনু্প্ৰৱেশক গুৰুত্ব নিদিয়া হৈছিল৷
কিন্তু লেফটেনেণ্ট জেনেৰেল সিনহাই অসমৰ ৰাজ্যপাল হৈয়েই অনুপ্ৰৱেশৰ ভয়ংকৰ গতি দেখি কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিলে৷ দিনে ডেৰহাজাৰ লোকে প্ৰৱেশ কৰা বুলি তথ্যসহ প্ৰদৰ্শন কৰি তেওঁ অসমৰ জনগাঁথনিয়েই সলনি হৈ যাব বুলিও শংকা কৰিলে৷
অসম আন্দোলনৰ পিছত মৃতপ্ৰায় হৈ পৰা বাংলাদেশী সমস্যাক প্ৰাক্তন ৰাজ্যপাল এছ কে সিনহায়েই পুনৰ দাঙি ধৰিছিল৷ অসমলৈ অহৰ্নিশে মৈমনসিঙিয়া, চিলেটীয়া মিঞাৰ প্ৰৱেশ ঘটিলে অসমীয়াৰ অস্তিত্ব বিনাশ হ’ব বুলিও পত্ৰখনত উল্লেখ কৰিলে সিনহাই৷
তেওঁ চেষ্টাতে বন্ধ নহ’লেও বাংলাদেশীৰ অনুপ্ৰৱেশ সীমিত কৰিবলৈ প্ৰশাসন বাধ্য হৈছিল৷ পিছে পৰিস্থিতি এতিয়াও সলনি নহ’ল৷ অসমলৈ সোমায়েই থাকিল মিঞা৷