অসম পৰিবহণ নিগমৰ লোকচান কমাব নোৱাৰি৷ পূৰ্বে এইদৰেই বিধানসভাত কৈছিল তদানীন্তন পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ মন্ত্ৰীগৰাকীৰ মতে চৰকাৰী বাছ হৈছে সেৱাৰ বাবেহে৷ পৰিবহণ নিগম ব্যৱসায়ৰ বাবে নহয়৷ সেয়ে নিগম লোকচানত চলিলেও কথা নাই৷
কিন্তু বৰ্তমান চৰকাৰে লাভজনক কৰি তুলিবলৈ হঠাতে বঢ়াই দিলে চিকিৎসা ব্যয়ো৷ যোৰহাট মেডিকেল কলেজৰ সেৱাৰ খৰচ একেদিনাই ৫০০ শতাংশ বৃদ্ধিৰ ঘোষণা কৰিও সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰিলে৷ ৰাইজৰ প্ৰতিবাদত এদিনতে আকৌ কমাই দিবলগীয়া হ’ল খৰচ৷
পিছে যোৰহাট মেডিকেল কলেজৰ চিকিৎসা ব্যয় সলনি নহ’লেও অৰ্কিড পাৰ্কত প্ৰৱেশৰ খৰচ বৃদ্ধি হ’ল৷ অখিল গগৈ নেতৃত্বাধীন কাজিৰঙা অৰ্কিড পাৰ্কত প্ৰৱেশৰ বাবে মাচুল পূৰ্বে আছিল ১০০ টকা৷ কিন্তু ব্যয় বৃদ্ধিৰ বাবে হঠাতে এই পৰিমাণ ২০০ টকালৈ বৃদ্ধি কৰা হৈছে৷
অৰ্কিড পাৰ্ক কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি তত্ত্বাৱধানৰ বৰ্ধিত খৰচৰ বাবে প্ৰৱেশৰ মাচুল বৃদ্ধি কৰিবলগীয়া হৈছে৷ সেয়ে ১০০ টকাৰ পৰা ২০০ টকা কৰিবলগীয়া হৈছে প্ৰৱেশ মাচুল৷
পিছে এই অজুহাতে সন্তুষ্ট কৰিব পৰা নাই বহু দৰ্শনাৰ্থীক৷ সেয়ে তেওঁলোকে ব্যক্ত কৰিছে অসন্তোষ৷