সৰ্বাধিকসংখ্যক নাচনীয়ে নাচিব ঝুমুৰ

আন এটা ৰেকৰ্ড স্থাপন কৰাৰ কথা চিন্তা কৰিছে চৰকাৰে৷ এইবাৰ চৰকাৰে ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখৰ বিষয়ে পৰিকল্পনা কৰিছে৷ ইতিমধ্যে প্ৰায় নিশ্চিত হৈছে ঝুমুৰৰ গিনিজ ৰেকৰ্ড স্থাপন কৰাৰ পৰিকল্পনা৷
আমি লাভ কৰা খবৰ অনুসৰি অহা বছৰলৈ বিশ্বৰ ভিতৰতে সৰ্বাধিকসংখ্যক নাচনীৰে চৰকাৰে ঝুমুৰ নৃত্যৰ আয়োজন কৰিব৷ সৰুসজাইত যিদৰে বিহু নাচৰ অভিলেখ স্থাপন কৰা হৈছিল সেইদৰেই ঝুমুৰক লৈয়ো কৰা হৈছে অভিলাষী আয়োজন৷
পূৰ্বৰ দৰেই এইবাৰো ২৫ হাজাৰ চাহ জনজাতিৰ যুৱক-যুৱতীক ঝুমুৰ নচুৱাবলৈ চৰকাৰীভাৱে পৰিকল্পনা কৰা হৈছে৷ সম্ভৱতঃ পূৰ্বৰ স্থানতে গিনিজ ৰেকৰ্ডৰ বাবে ঝুমুৰ নৃত্যৰ অনুষ্ঠান আয়োজন কৰা হ’ব৷
সৰুসজাইত বিহু নাচৰ পিছত যেনেকৈ গিনিজ ৰেকৰ্ড স্থাপন কৰা হৈছিল, সেইদৰেই ঝুমুৰৰো বিশ্ব অভিলেখ চৰকাৰে স্থাপন কৰিব৷
ইয়াৰ বাবে চৰকাৰে পুনৰ প্ৰায় ১০০ কোটি টকা খৰচ কৰিব৷ প্ৰতিগৰাকী নাচনীক দিয়া হ’ব পূৰ্ব সমানেই ধন৷
সৰুসজাইৰ ঝুমুৰ নৃত্য অনুষ্ঠান অহা বছৰৰ প্ৰথমভাগতে আয়োজন কৰাৰ সম্ভাৱনা আছে৷ বিশেষ বাধাৰ সৃষ্টি নহ’লে শীতকালতে চৰকাৰে ঝুমুৰৰ বিশ্ব অভিলেখৰ অনুষ্ঠান আয়োজিত কৰিব৷
তাৰ বাবে সম্ভৱতঃ আকৌ ঋণ ল’ব অসম চৰকাৰে৷ কিন্তু ধাৰ কৰি হ’লেও ঝুমুৰৰ বিশ্ব অভিলেখ স্থাপন কৰিবই চৰকাৰে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email