আচলতে লাজ পাব লাগে৷ হয়, আচলতে লাজ পাব লাগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱনিৰ্বাচিত ছাত্ৰনেতাই৷ PNGB হোষ্টেলৰ মৰ্যাদা ভূলুণ্ঠিত কৰা ছাত্ৰনেতাই যদি এতিয়া লজ্জ্বাবোধ নকৰে তেন্তে তেওঁলোক ক্ষমাৰ অযোগ্য৷
সম্প্ৰতি প্ৰমাণিত হৈছে- নাহৰৰ দেশৰ DU হাটত কেৱল সামগ্ৰীয়েই কিনা-বেচা নহয়৷ লগতে বিক্ৰী হয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ পদবীও৷ ১ লাখ ৭০ হাজাৰ টকাৰ বিনিময়ত PNGB হোষ্টেলৰ আৱাসীৰ বিবেক কিনি ল’ব পাৰি৷
আমি এই সংক্ৰান্তত পৰিৱেশন কৰা বাতৰিত পূৰ্বেও ব্যক্ত কৰিছোঁ- PNGB হোষ্টেলৰ ব’ৰ্ডাৰে এইবাৰ সংঘটিত কৰিছে কেতিয়াও নোহোৱা জালিয়াতি৷ কেৱল ইলেকশ্যন জিকিবলৈয়েই তেওঁলোকে নাহৰৰ দেশক বদনামী কৰিছে৷
এতিয়া সেই কথাৰ সত্যতা প্ৰতিপন্ন কৰিলে ফাদিল হোৱা ফোন ৰেকৰ্ডিঙে৷ পূৰ্বে PGSUৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা পৱন গগৈ আৰু গগৈ উপাধিৰে প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ টেঙাখাটৰ এজন সাংবাদিকে কেনেকৈ পদৰ বিনিময়ত দালালি কৰিছিল সেয়াও প্ৰতিপন্ন হৈছে৷
দায় সাৰিবলৈ ছাত্ৰ নেতাজনে ফোনত কোৱা অনুসৰি দুটা পদৰ বিনিময়ত PNGB হোষ্টেলৰ ছুপাৰ ছিনিয়ৰে ABVP নেতৃত্বক বিচাৰিছিল আঢ়ৈলাখ টকা৷ কিন্তু ABVPয়ে দিলে ১ লাখ ৭০ হাজাৰ টকা৷ ধনৰ লেনদেন হৈছিল DU হাটত৷
সেইধনৰ বিনিময়তে PNGB হোষ্টেলৰ ব’ৰ্ডাৰে দুটা পদ বিক্ৰী কৰি দিলে হিন্দুত্ববাদী সংগঠনক৷ পিছে সেই ধনৰ ভাগ আকৌ সকলোৱে নাপালে৷ পালে মুষ্টিমেয় ছুপাৰ ছিনিয়ৰে৷ গতিকে প্ৰমাণিত হ’ল- এতিয়াও বিশ্ববিদ্যালয়ৰ নামত দালালি কৰিয়েই আছে ছুপাৰ ছিনিয়ৰ নামধাৰী দালালে৷
এতিয়া তেওঁলোকে কোনখন মুখেৰে সত্য স্বীকাৰ কৰে সেয়াও হ’ব লক্ষ্যণীয়৷ তাৰ পিছতো তেওঁলোকে কৈ আছে- আমাৰ কোনো সংগঠন নাই, আমি মুক্ত৷ কিন্তু এটা কথা খাটাং- উচ্চাকাংক্ষী ছাত্ৰনেতাৰ বাবে কলংকিত হ’ল নাহৰৰ দেশ৷