জাতিক বেচি দল খুলিব আহোম ছাত্ৰনেতাই

আৰু কেইদিনমান অপেক্ষা কৰক, প্ৰস্তুতি চলি আছে, সকলো ঠিকে থাকিলে মাঘ বিহুৰ পিছতে অসমত এটা নতুন দলৰ জন্ম হ’ব৷ উজনি অসমৰ ডিব্ৰুগড়ত আত্মপ্ৰকাশ কৰিব নতুন জনগোষ্ঠীয় দলটোৱে৷
এজেপি অথবা ৰাইজৰ দলৰ দৰে নতুন দলটো আঞ্চলিকতাবাদী নহয়৷ বড়োভূমিৰ দলৰ দৰে উপ-আঞ্চলিকতাবাদীহে হ’ব প্ৰস্তাৱিত দলটো৷
আমি বৰ্ণনা কৰি থকা দলটো হৈছে আহোম সংগঠনৰ৷ লাভ কৰা সম্ভেদ অনুসৰি এটা আহোম সংগঠনে শীঘ্ৰে গঠন কৰিব ৰাজনৈতিক দলটো৷ সংগঠনৰ শীৰ্ষ বিষয়ববীয়া এজন আহোম নেতাৰ উদ্যোগত দলটো গঠন কৰা হ’ব৷
প্ৰস্তাৱিত আহোম দলৰ নামো থিৰাং কৰা হৈছে৷ সভাৰ আয়োজনৰ বিষয়েও আগতীয়াকৈ ভাবিছে আহোম নেতাই৷
বৰ্তমান চলি থকা চৰ্চা অনুসৰি নতুন দলটোত আৰম্ভণিতে ১ লাখ সদস্য ভৰ্তি কৰিবলৈ চেষ্টা চলোৱা হ’ব৷ ডিব্ৰুগড়ৰ আৰম্ভণিৰ সভাতেই লক্ষাধিক সদস্যৰ যোগদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷
এইখিনিলৈ সকলো অৱশ্যে ঠিকেই আছিল
কিন্তু আমি লাভ কৰা গোপন খবৰেহে অংক খেলি-মেলি কৰিছে৷ খবৰ অনুসৰি প্ৰভাৱশালী ৰাজনৈতিক দলৰ মন্ত্ৰণাতহে আহোমৰ দলটো গঠনৰ অংক কৰা হৈছে৷ উজনিৰ আহোম ভোটবেংক যাতে একত্ৰিত হৈ নাথাকে তাৰ বাবে আৰম্ভ হৈছে পৰিকল্পনা৷
সংখ্যাগৰিষ্ঠ আহোম ভোটবেংক থান-বান কৰি পেলাবলৈ ৰাজ্যৰ সবাতোকৈ শক্তিশালী দলটোৱে এই পৰিকল্পনা কৰিছে৷ গতিকে দায়িত্ব দিয়া হৈছে বিশ্বাসী আহোম নেতাক৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email