আচলতে অসমীয়া দ্ৰৌপদী ভাষা হ’ল৷ হয় আপুনি ভুলকৈ শুনা নাই, অসমীয়া ধ্ৰুপদী নহয়, দ্ৰৌপদী ভাষাই হৈছে৷
কথাতে কোৱা হয়, সফলতাৰ অলেখ পিতৃ৷ কিন্তু বিফলতা জাৰজ সন্তান৷ এতিয়াও তেনে পৰিস্থিতিৰে সৃষ্টি হৈছে৷ মহাভাৰতৰ দ্ৰৌপদীৰ যেনেকৈ ৫ জন স্বামী আছিল, ঠিক তেনেকৈয়ে অসমীয়া ভাষাৰ মৰ্যাদা লাভৰ কৃতিত্ব ল’বলৈ কেবাটাও মহল উঠি-পৰি লাগিছে৷
কিন্তু সকলোৱে পাহৰি পেলাইছে কুলধৰ শইকীয়াক৷ আচলতে আমি একেষাৰে ক’ব পাৰোঁ- প্ৰাক্তন DGP তথা সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি কুল শইকীয়াৰ চেষ্টা আৰু কৃচ্ছ্ৰসাধনাৰ জৰিয়তেই অসমীয়াৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে৷
আনে যিমানেই কৃতিত্ব লাভৰ চেষ্টা নকৰক, কুল শইকীয়া সাহিত্য সভাৰ সভাপতি হৈ থাকোতেই কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে বিষয়টো সন্দৰ্ভত অনানুষ্ঠানিক আলোচনা আৰম্ভ হৈছিল৷ ধ্ৰুপদী মৰ্যাদা কেনেকৈ পাব পাৰি সেয়া পৰ্যৱেক্ষণৰ বাবে উৰিয়া ভাষাৰ প্ৰতিবেদনৰ কপিও সংগ্ৰহ কৰা হৈছিল৷
তাৰ পিছতে ৩৯১ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল৷ MEMORANDUM FOR GRANTING CLASSICAL STATUS TO ASSAMESE LANGUAGE নামৰ সচিত্ৰ প্ৰতিবেদন সাহিত্য সভাৰ হৈ ভাৰত চৰকাৰ আৰু সাহিত্য অকাডেমিলৈ প্ৰেৰণ কৰিছিল শইকীয়াই৷
তাৰ পিছতে শইকীয়াই সাহিত্য অকাডেমীৰ সৈতেও যোগাযোগ কৰিছিল৷ আনকি সভাপতি পদৰ পৰা আঁতৰাৰ পিছতো শইকীয়াই ধ্ৰুপদী মৰ্যাদাৰ বিষয়ে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷
অসমৰ উপৰি গুজৰাটতো এই বিষয়ে কুলধৰ শইকীয়াই বৈঠক অনুষ্ঠিত কৰিছিল৷ তাৰ পিছতো কমসংখ্যকেহে কৃতজ্ঞতা জনাইছে কুলধৰ শইকীয়াক৷
মুঠতে আৰম্ভ হৈ গৈছে কৃতিত্ব লাভৰ যুঁজ৷