অসমলৈ আহিবলৈ নিদিয়ে গৌৰৱ গগৈক

গছত কঁঠাল দেখিয়েই জিভাৰ পানী পৰিছে ভূপেন বৰাৰ৷ সেয়ে ঘনিষ্ঠ সংগীক এতিয়াৰ পৰাই কামত লগাই দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই৷ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা ভূপেনে গৌৰৱ গগৈক দমন কৰিবলৈ গে’মপ্লেন প্ৰস্তুত কৰিছে৷
শেহতীয়াকৈ ৰাজীৱ ভৱনৰ সভাত কোকৰাঝাৰৰ কংগ্ৰেছী গৰ্জন মুছাহাৰীয়ে ভূপেন বৰাক মুখ্যমন্ত্ৰীয়েই পাতি দিলে৷ মুখ্যমন্ত্ৰী হোৱাৰ পিছত পাহৰি নাযাবলৈয়ো ভূপেনক অনুৰোধ জনালে গৰ্জনে৷
সেই সময়ত লাজ লাজ ভাও দেখুৱাইছিল ভূপেন বৰাই৷ কিন্তু গৰ্জন মুছাহাৰীয়ে ক’লেও কথাষাৰ আছিল ভূপেন বৰাৰ৷ আচলতে ভূপেন বৰাৰ নিৰ্দেশক্ৰমেই সকলোৰে সন্মুখতে তেনেদৰে কৈছিল গৰ্জনে৷
কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’বলৈয়েই আচলতে এই বুদ্ধি পাঙিছে ভূপেন বৰাই৷ গৌৰৱ গগৈৰ উত্থানত শংকিত হৈ পৰা ভূপেন বৰাই এই বুদ্ধিৰে হাইকমাণ্ডলৈ বাৰ্তা প্ৰেৰণ কৰাৰ আঁচনি কৰিছে৷ গতিকে পৃথ্বিৰাজ সাথে নামৰ নেতাজনৰ উপস্থিতিতে গৰ্জনৰ মুখেৰে কোৱাইছে এইষাৰ কথা৷
গৌৰৱৰ সলনি তেওঁহে যে স্থানীয় কংগ্ৰেছীৰ পছন্দৰ নেতা সেয়াই বুজাবলৈ অশেষ চেষ্টা কৰিছে ভূপেনে৷ তেওঁ এই বাৰ্তা হাইকমাণ্ডলৈ প্ৰেৰণৰ বাবে পৃথ্বিৰাজ সাথেকো মান্তি কৰাইছে বুলি অভিযোগ কৰিছে জ্যেষ্ঠ কংগ্ৰেছীয়ে৷
বৰ্তমান দল আগবঢ়োৱাৰ পৰিৱৰ্তে খোৱা-কামোৰাতে ব্যস্ত হৈ পৰিছে ৰাজ্যৰ কংগ্ৰেছী৷ গৰ্জন যি-টি কথা নক’বা বুলি ধমক দিলেও ভূপেনে কৌশলেৰে দিল্লীলৈ প্ৰেৰণ কৰিছে বাৰ্তা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email