দুলু আহমেদৰ নতুন ৰাজনৈতিক ইনিংছ

ৰিপুণ বৰাই নিঠৰুৱা কৰা TMCক অসমত নতুনকৈ গঢ়িব হাইকমাণ্ডে৷ অসম তৃণমূল কংগ্ৰেছ পুনৰ গঠনৰ বাবে সুস্মিতা দেবক দায়িত্ব দিয়া হৈছে৷ সেইসূত্ৰে বৰ্তমান কংগ্ৰেছ আৰু জাতীয় পৰিষদ ত্যাগ কৰা এজন নেতাক কাৰযকৰী সভাপতি পদৰ বাবে বাছনি কৰা হৈছে৷ সেই নেতাজন আন কোনো নহয়, তেওঁ হৈছে হাজোৰ দুলু আহমেদ৷ শেহতীয়াকৈ বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হোৱা দুলু অসম তৃণমূলৰ কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে৷ আমি লাভ কৰা খবৰ অনুসৰি সুস্মিতা দেবৰ নিৰ্দেশমৰ্মে দুলু আহমেদৰ সৈতে যোগাযোগ কৰিছে দলটোৰ শীৰ্ষ নেতৃত্বই৷
কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাতো গ্ৰহণযোগ্য হ’বলৈ এজন হিন্দু নেতাক অসম তৃণমূলৰ সভাপতি পদত বহুৱাবলৈয়ো লোৱা হৈছে সিদ্ধান্ত৷ সেই অনুসৰি তৃণমূলৰ ৰাজ্যিক সভাপতি পদত অধিষ্ঠিত হ’ব পাৰে জ্যেষ্ঠ কংগ্ৰেছী কিৰিপ চলিহা৷ বহুদিন ৰাজ্যৰ ৰাজনীতিত নিষ্ক্ৰিয় হৈ থকা চলিহা তৃণমূলৰ কেন্দ্ৰীয় নেতৃত্বৰ নজৰত আছে৷
লগতে দলটোৰ নেতৃত্বই সভাপতি পদৰ বিকল্প প্ৰাৰ্থী হিচাপে বিবেচনা কৰিছে ৰমেন বৰঠাকুৰৰ নামো৷ কেইদিনমান পূৰ্বে কংগ্ৰেছ ত্যাগ কৰা বৰঠাকুৰক আপৰ অসম গোটৰ সভাপতি পতাৰ নিশ্চিতি দিয়া হৈছিল৷ কিন্তু আপৰ কেন্দ্ৰীয় নেতৃত্বই বৰঠাকুৰক প্ৰতাৰণা কৰিলে৷ কংগ্ৰেছ ত্যাগৰ পিছতো তেওঁক নিদিলে দলৰ ৰাজ্যিক সভাপতি পদ৷
সেয়ে ক্ষুণ্ণ বৰঠাকুৰে আপ এৰি তৃণমূলত যোগ দিয়াৰ সম্ভাৱনা আছে৷ যদি তেওঁ যোগদান কৰে তেন্তে লাভ কৰিব পাৰে ৰাজ্যিক সভাপতি পদ৷
সাম্প্ৰতিক চৰ্চা অনুসৰি কিৰিপ চলিহা আৰু ৰমেন বৰঠাকুৰৰ মাজৰ এজনে লাভ কৰিব ৰিপুণ বৰাই খালী কৰি থৈ যোৱা পদবী৷ তেতিয়া কাৰ্যকৰী সভাপতি হ’ব চহকী নেতা দুলু আহমেদ৷
বিগত সময়ত দুলুক বঞ্চিত কৰি কংগ্ৰেছে হাজোত প্ৰাৰ্থিত্ব দিছিল কিৰিপ চলিহাক৷ কিন্তু বৰ্তমান কিৰিপৰ সৈতেই একেটা দলৰ গুৰি ধৰিবলৈ সাজু হৈছে দুলু আহমেদ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial