৭৫ বছৰীয়া হ’লেই প্ৰস্থান

নিজে পতা জালতে বন্দী হৈছে নৰেন্দ্ৰ মোদী৷ পূৰ্বে প্ৰতিদ্বন্দ্বীক নিঃশেষ কৰিবলৈ তেওঁ অৱলম্বন কৰা পন্থাই এইবাৰ প্ৰয়োগ কৰিছে RSSয়ে৷ বৰ্ধিত বয়সৰ বাবে সিংহাসনৰ পৰা মোদীক আঁতৰিবলৈয়েই সংঘই দিছে কঢ়া নিৰ্দে৷ এই হুকুম অমান্য কৰিলে ব্যৱস্থা গ্ৰহণৰো হুমকি দিছে RSSয়ে৷
২০১৪ চনত চৰকাৰ গঠন কৰাৰ পিছত নৰেন্দ্ৰ মোদীয়ে পাখি কাটি পেলাইছিল প্ৰভাৱশালী বিজেপি নেতাসকলৰ৷ লালকৃষ্ণ আদৱানিৰ ৰাজনৈতিক কেৰিয়াৰ শেষ কৰিবলৈ তেওঁ বৰ্ধিত বয়সৰ অজুহাত প্ৰদৰ্শন কৰিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে মোদীৰ এই কৌশলৰ অন্যতম সমৰ্থক আছিল RSS৷
তেতিয়া যশোৱন্ত সিনহা, মুৰলী মনোহৰ যোশীকে ধৰি আন কেবাজনো বয়োবৃদ্ধ নেতাকো মোদীয়ে মাৰ্গদৰ্শক মণ্ডলীলৈ প্ৰেৰণ কৰিছিল৷ পিছত সকলো সীমা চেৰাই গৈ আদৱানিক দলীয় প্ৰাৰ্থিত্বৰ পৰাও বঞ্চিত কৰা হ’ল৷ বছৰ বছৰজুৰি তেওঁ প্ৰতিনিধিত্ব কৰি অহা গান্ধীনগৰতো দলে নিদিলে প্ৰাৰ্থিত্ব৷
কিন্তু তেতিয়া ৭৫ বছৰক চৰমসীমা হিচাপে অভিহিত কৰা মোদীৰ বৰ্তমান বয়স হৈছে ৭৪৷ অৰ্থাৎ অহাবছৰলৈ মোদীৰ বানপ্ৰস্থ গ্ৰহণৰ সময় আহি পাইছে৷ গতিকে বৰ্তমান মোদীক প্ৰধানমন্ত্ৰিত্ব ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে RSSয়ে৷
দলৰ সভাপতি নিজৰ পছন্দ অনুসৰি পাতিবলৈ অটল হৈ থকা সংঘই মোদীক ধাৰ্য কৰি দিছে চৰমসীমা৷ অন্যথা অপসাৰণ কৰাৰো হুমকি দিছে সংঘই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email