ধ্ৰুপদী ভাষাৰ নামত আকৌ আৱেগৰ টুপীহে পিন্ধিলে নেকি অসমীয়াই?
কাৰণ অসমীয়া কেন্দ্ৰীয় চৰকাৰৰ তালিকাত ধ্ৰুপদী হ’ল ঠিকেই৷ কিন্তু এতিয়াও কম্পিউটাৰত নিৰ্ধাৰিত নহ’ল অসমীয়া লিপি৷
ইউনিক’ডত বৰ্তমানো অসমীয়া হৈ আছে বঙালী ভাষাৰ এটা শাখাহে৷
ইউনিক’ডত অসমীয়া লিপিৰ বাবে পৃথক পদ্ধতিৰ বাবে অসমৰ কেবাজনো লোকে ২০১২ চনৰ পৰা নীৰৱে প্ৰচেষ্টা চলাই আহিছে। শেষত এই তৎপৰতাৰ সৈতেঅসম সাহিত্য সভা এই বিষয়ত জড়িত হৈ পৰিছিল।
কিন্তু ইউনিক’ডত অসমীয়া লিপিয়ে আজিলৈ পৃথক ভাষা হিচাপে মৰ্যাদা পাবলৈ সক্ষম নহ’ল৷ এই অৱহেলাৰ বাবে ভাৰত চৰকাৰেই জগৰীয়া। কাৰণ ইউনিক’ড কনছ’ৰ্টিয়ামে বিশ্বৰ প্ৰতিখন দেশৰ সংবিধানে স্বীকৃতি দিয়া লিপিকহে সুকীয়া স্থান দিয়ে।
কিন্তু দুখৰ কথা, কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক সাংবিধানিক স্বীকৃতি দিলে, পিছে অসমীয়া লিপিক আজিলৈ সাংবিধানিক স্বীকৃতি দিয়া নাই।
অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ পৰিৱৰ্তে যদি ৩,০০০ বছৰতকৈ অধিককাল পুৰণি অসমীয়া লিপিক সাংবিধানিক স্বীকৃতি দিলেহেঁতেন, তেন্তে আজি আমি স্বাভাৱিকতে লাভান্বিত হোৱাৰ অৱকাশ আছিল৷
এতিয়া আমাক লাগে অসমীয়া লিপিৰ সাংবিধানিক স্বীকৃতি। তেতিয়া ইউনিক’ড কনছ’ৰ্টিয়ামে পৃথক শ্ল’ট হিচাপে অসমীয়াক বিশ্বজনীন স্বীকৃতি প্ৰদান কৰিব৷