মৌচুমীজনী আহিল৷ প্ৰেমিক ডাৱৰৰ সৈতে পূজাৰ আগতেই আহিল মৰমী মৌচুমী৷ এতিয়াই অৱশ্যে অহাৰ কথা নাছিল৷ সকলোৱে ভাবিছিল, দুদিনমান দেৰীকৈ আহিব মৌচুমী৷ কিন্তু আগতেই প্ৰেমিক ডাৱৰক সংগ দিলে সুন্দৰী মৌচুমীয়ে৷
গতিকে ষ্টাইল, মেক-আপ সকলো অথলে যাব৷ সাজি-কাচি কোনো পূজা চাবলৈ ওলাই যাব নোৱাৰিব৷ পূজাৰ বতৰত দাপোনমতী হৈ ভ্ৰমণৰ বাবে যাব নোৱাৰে কোনো যুৱতী৷ অথবা গোটাই থোৱা পোছাক পিন্ধি মণ্ডপতো সোমাব নোৱাৰিব যুৱক৷ খেতিয়কৰ বাবে সকাহৰ কাৰণ মৌচুমীৰ বাবে পূজাৰ উছাহ কোনেও ভোগ কৰিবলৈ নাপাব৷
কাৰণ পূজাৰ বতৰ পনীয়া কৰিব বৰষুণে৷ বতৰ বিজ্ঞানীৰ অনুমান অনুসৰি অহা দুসপ্তাহলৈ বৰষুণ অব্যাহত থাকিব৷ কিছুদিন পূৰ্বে ৰ’দে শুকুৱাই পেলোৱা অসম এইবাৰ বৰষুণে গেলাই পেলাব৷
বৰষুণৰ কাৰণ হৈছে বংগোপ সাগৰৰ নিম্নচাপ৷ ইতিমধ্যে সাগৰীয় চাপে বায়ুমণ্ডলক প্ৰভাৱিত কৰিছে৷ পৰিপ্ৰেক্ষিতত অহৰ্নিশে গলিবলৈ ধৰিছে ডাৱৰ৷ সকলো সময়তে মেঘৰ গলনে বৰষুণ অবিৰত কৰি তুলিছে৷
একেদৰে দক্ষিণ-পশ্চিম মৌচুমী বংগ, বাংলাদেশ হৈ উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰিছে৷ গতিকে মৌচুমীয়ে প্ৰভাৱিত কৰিছে বায়ুমণ্ডলক৷
ৰ’দে কেইদিনমান আগলৈ জুৰুলা কৰা অসমক পূজাৰ বতৰতো বৰষুণে গেলাই পেলোৱাটো খাটাং৷ এতেকে শাৰদীয় উৎসৱক লৈ নকৰিব প্ৰস্তুতি৷