ভাষাৰ স্বীকৃতিলাভৰ নায়ক কোন?

কাৰ বলত ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে অসমীয়াই৷
মৰ্যাদা অৰ্জনৰ পৰিক্ৰমা অৱশেষত সমাপ্ত হ’ল৷ কিন্তু এই প্ৰচেষ্টাৰ নেপথ্যত থকা কেইজনমান ব্যক্তিৰ কথা শুনক
আমি প্ৰথমেই নাম ল’ব লাগিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ৷ DGP পদৰ পৰা অৱসৰৰ পিছতে সাহিত্য সভাৰে জড়িত হৈ তেওঁ আৰম্ভ কৰিছিল অসমীয়া ভাষাৰ ডিজিটেলকৰণৰ প্ৰক্ৰিয়া৷ তাৰ আধাৰতে দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল ৩৯৪ পৃষ্ঠাৰ প্ৰতিবেদন৷
আনহাতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আছিল অসমীয়াৰ ধ্ৰুপদী স্বীকৃতি লাভৰ অন্যতম মূল মানুহ৷ তেওঁৰ জৰিয়তেই শিক্ষামন্ত্ৰী হৈ থকা দিনৰে পৰা হিমন্ত বিশ্ব শৰ্মাই কাৰ্যাৱলী আগবঢ়াই নিছিল৷
ক’ভিডৰ পূৰ্বেই প্ৰমোদ কলিতক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছিল তেতিয়াৰ শিক্ষামন্ত্ৰী শৰ্মাই৷ পৰৱৰ্তী সময়ত বিষয়টো সংক্ৰান্তত ওড়িয়া ভাষা বিজ্ঞানী দেৱীপ্ৰসন্ন পাটনায়কৰ সৈতে যোগাযোগ কৰা হ’ল৷
তাৰ পিছতে অসমৰ দুজনীয়া দল ওড়িষালৈ গৈ কেবাগৰাকী বিশেষজ্ঞৰ সৈতে আলোচনাত মিলিত হৈছিল৷ তাৰ পিছত আৰম্ভ হৈছিল তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া৷
এই প্ৰসংগ ইতিমধ্যে সংসদত পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিধানসভাত বিশ্বজিৎ ফুকনে উত্থাপন কৰিছিল৷ তাৰ পিছতে প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাক অধ্যক্ষ, সচিব প্ৰমোদ কলিতাক সদস্য সচিব, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ মৃদুল বৰদলৈ, বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ নমিতা দেৱী আৰু ভাস্কৰজ্যোতি শৰ্মাৰ সৈতে কমিটী গঠন কৰা হৈছিল৷
সেই কমিটীখনেই প্ৰস্তুত কৰিছিল দিল্লীলৈ প্ৰেৰণ কৰা প্ৰতিবেদনখন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email