কাৰাগাৰত মুখ ওফোন্দাইছে নৰ্তকীয়ে

মাহে লাখ টকা খৰচ কৰিও ক্ষীণাব নোৱাৰিলে, কিন্তু জে’লত থাকি শুকাই গৈছে চুমি বৰা৷ মেদবহুল অভিনেত্ৰীগৰাকীৰ ওজন কেবাকেজি হ্ৰাস পাইছে৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকাৰে পৰা হাড়ে-ছালে লাগিছে নৰ্তকী চুমি৷
এই খবৰ প্ৰদান কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই৷ উপলব্ধ খবৰ অনুসৰি পুলিচৰ জিম্মাৰ পৰা জে’ললৈ নিয়াৰ দিনধৰি ভালকৈ আহাৰ খোৱা নাই চুমিয়ে৷ তেলযুক্ত আহাৰ নাখাই বুলি কাৰাধীক্ষকৰ ওচৰত তেওঁ আপত্তি কৰিছে৷
অধিক মছলা থকাৰ বাবেও চুমিয়ে খাবলৈ মন কৰা নাই জে’লৰ আহাৰ৷ প্ৰায় প্ৰতিসাঁজ আহাৰেই তেওঁ খোৱা নাই৷
জে’লত সোমোৱাৰ পূৰ্বে আকৌ চুমিয়ে দেহৰ মঙহ কমাবলৈ কৰিছিল জিম৷ মাহে কেবাহাজাৰ টকা ভৰি ওজন হ্ৰাসৰ চেষ্টা কৰিছিল চুমিয়ে৷
জুম্বা নাচিও ক্ষীণাবলৈ বিচাৰিছিল চুমি বৰা৷ পিছে জে’লত একো কষ্ট নকৰাকৈয়ে তেওঁ হাড়ে-ছালে লাগিছে৷ জে’লৰ ভাত নাখাও বুলিয়েই শপত খাইছে চুমি৷
সতীৰ্থৰ অনুৰোধৰ পিছতো ৰঙাঘৰৰ বগা ভাত নোখোৱাৰ সিদ্ধান্তত অটল হৈ আছে নৰ্তকী চুমি৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email