কামত লাগিছে চাহ জনজাতিৰ ল’ৰা

উজনিত এতিয়া আৰু মিঞাৰ দৰকাৰ নাই৷ কাৰণ হাতে-কামে ধৰিলে বাগিচাৰ শ্ৰমিকে৷ মিঞা গুচি যোৱাৰ পিছত উজনিত কাম কৰিবলৈ ধৰিলে চাহ বাগিচাৰ নিবনুৱা যুৱকে৷ ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী আদি কামত লাগিল চাহ জনজাতিৰ যুৱক৷ খিলঞ্জীয়াৰ বাবে ভাল খবৰ৷ কেৱল বাগিচাৰ কামৰ বাবেই আশা পালি নাথাকি বৰ্তমান হাতে-কামে ধৰিছে চাহ জনজাতিৰ যুৱকে৷ মিঞা খেদাৰ পিছত কিছুদিনলৈ উজনি অসমত বন্ধ হৈ গৈছিল নিৰ্মাণ খণ্ডৰ কাম৷ ঘৰৰ পৰা দলঙলৈ সকলোবোৰ কামেই গেথেলা মাৰিছিল কিন্তু মিঞা ঠিকাদাৰৰ খালী ঠাই পূৰণ কৰিছে৷ চাহ বাগিচাৰ শিক্ষিত যুৱকে তেওঁলোকে সংগঠিত কৰিছে নিজৰ সম্প্ৰদায়ৰ নিবনুৱা যুৱকসকলক৷ সকলোক গোটাই মিঞাৰ বিকল্প কৰ্মদল তেওঁলোকে সৃষ্টি কৰিছে৷ মিঞাশূন্য উজনিত বিভিন্ন খণ্ডৰ শ্ৰমিক হিচাপে নিয়োজিত হৈছে চাহ জনজাতিৰ লোকসকল৷ মিস্ত্ৰী কাম শিকি তেওঁলোকে চলাইছে কৰনী৷ তদুপৰি ইটাভাটাতো বৰ্তমান চাহ জনজাতিৰ লোক নিয়োজিত হৈছে৷ আগতে মিঞাই কৰা কামবোৰ কৰিবলৈ ধৰিছে উজনিৰ স্থানীয় কৰ্মীয়ে৷ চিৰদিনলৈ উজনি মিঞামুক্ত কৰি ৰখাৰ সংকল্পেৰে কামত লাগিছে চাহ জনজাতিৰ যুৱকসকল৷ পূৰ্বে নকৰা কামবোৰ তেওঁলোকে কৰিবলৈ ধৰিছে৷ এই ধাৰা অব্যাহত থাকিলে উজনিত কেতিয়াও স্থান নাপাব মিঞাই৷ তদুপৰি অসমীয়াৰ ধন লাভ কৰিব স্থানীয় লোকে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email