ৰাজনৈতিক কেৰিয়াৰ প্ৰায় সমাপ্ত হৈছে প্ৰদীপ হাজৰিকাৰ৷ ২০২৬ত সমষ্টিৰ বিলুপ্তিৰ দৰেই প্ৰদীপ হাজৰিকাৰো ৰাজনৈতিক বিলুপ্তি প্ৰায় নিশ্চিত হৈছে৷ সমষ্টি পনৰ নিৰ্ধাৰণৰ পিছত ইতিমধ্যে হাজৰিকাই বৰ্তমান প্ৰতিনিধিত্ব কৰি থকা আমগুৰি বিলুপ্ত কৰা হৈছে৷ কিন্তু অগপৰ শীৰষ নেতাজনে শিৱসাগৰৰ পৰা প্ৰাৰ্থিত্ব পোৱাৰ আশা পুহি ৰাখিছিল৷ পিছে গৌৰৱ গগৈৰ প্ৰতি প্ৰদীপ হাজৰিকাৰ সমৰ্থনে ৰাজনৈতিক কেৰিয়াৰৰ প্ৰায় ইতি পেলালে৷ ইতিম্যে বাজপেয়ী ভৱন পতিয়ন গৈছে- শেহতীয়া লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈক মুঠেও সহায় কৰা নাছিল৷ আনকি ভোটিং সম্পন্ন হোৱাৰ পিছত হাজৰিকাই সমৰ্থকৰ সন্মুখত গৌৰৱ গগৈক ভোট দিয়া বুলি সগৰ্বে প্ৰকাশ কৰিছিল৷ গতিকে প্ৰদীপ হাজৰিকাৰ কথা আমবাৰীৰ অগপ সদৰৰ সৈতে পাতিছে বাজপেী ভৱনে৷ তাৰ পিছতে নিশ্চিত হৈছে প্ৰদীপ হাজৰিকাৰ ৰাজনৈতিক পতন৷ কিন্তু ইয়াৰ লগে লগে শিৱসাগৰ সমষ্টিত অহা নিৰ্বাচনত প্ৰদীপ হাজৰিকাই অগপৰ টিকট নোপোৱাটো নিশ্চিত হৈছে৷ কিন্তু সমান্তৰালভাৱে সমষ্টিটো যে অগপই হেৰুৱাব সেয়াও হৈ পৰিছে খাটাং৷