সাংসাৰিক দায়িত্বৰ বাবে অভিনয় কৰিবলৈ সময় নোপোৱা হৈছে মাধুৰী দীক্ষিতে৷ এযুগ ভাৰতীয় দৰ্শকক মোহাৱিষ্ট কৰি ৰখা মাধুৰী বৰ্তমান স্বামী আৰু সন্তানকলৈয়েই ব্যস্ত৷
পাৰিবাৰিক ব্যস্ততাৰো মাজতো কিন্তু বলীউডলৈ প্ৰত্যাৱৰ্তনৰ ইচ্ছা কৰিছে মাধুৰীয়ে৷ কিন্তু পূৰ্বৰ দৰে নায়িকাৰ চৰিত্ৰত অভিনয় নকৰিবলৈয়েই সিদ্ধান্ত লৈছে সুন্দৰী অভিনেত্ৰীয়ে৷
ৰিয়েল লাইফত মাতৃৰ দায়িত্ব পালন কৰি কৰি অভ্যস্ত হোৱা মাধুৰীয়ে ৰীল লাইফতো একেই দৃশ্য ৰূপায়ণৰ ইচ্ছা কৰিছে৷ সকলো যদি ঠিকেই থাকে তেন্তে অহা বছৰৰ আৰম্ভণিতে মুক্তিলাভ কৰিব মাধুৰী দীক্ষিতে মাতৃৰ চৰিত্ৰত অভিনয় কৰা চিনেমাখনে৷
অৱশ্যে মাধুৰীৰ প্ৰস্তাৱিত চিনেমাখনত থাকিব কেবাগৰাকী ষ্টাৰ৷ চিনেমাখনত মাধুৰীৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিব নৱাগত তৃপ্তি ডিমৰীয়ে৷
এনিমেলৰ নায়িকা তৃপ্তিক মাধুৰীৰ জীয়ৰীৰ চৰিত্ৰৰ বাবে ইতিমধ্যে বাছনি কৰা হৈছে৷ খবৰ অনুসৰি ভুল ভুলাইয়া ছিৰিজৰ তৃতীয়খন ছবিতে মাধুৰীয়ে মাকৰ চৰিত্ৰত অভিনয় কৰিব৷
বহুদিন স্ক্ৰীনৰ পৰা আঁতৰি থকা মাধুৰীৰ সৈতে চুক্তি সম্পাদন কৰিছে প্ৰযোজকে৷ গতিকে কিছুদিনৰ পিছতে মাধুৰী বাৰতত উপস্থিত হ’ব৷ লগে লগে আৰম্ভ হ’ব শ্বুটিং৷ আকৌ মাতৃ হ’ব মাধুৰী৷