যিমানেই যি নকওক কিয়, এতিয়াও বাহাল আছে পৰেশ বৰুৱাৰ আধিপত্য৷ আলফা স্বাধীনক শক্তিহীন বুলি উপস্থাপন কৰিবলৈ হাজাৰ চেষ্টা কৰিলেও অসমত প্ৰভাৱ কমা নাই পৰেশ বৰুৱাৰ৷ আলফা স্বাধীনৰ সৰ্বাধিনায়কক অসম আৰক্ষীয়েও নস্যাৎ কৰিব পৰা নাই৷
যিয়েই নকওক, আৰক্ষী এতিয়াও আলফাৰ প্ৰসংগত দিশহাৰা৷ এয়াই প্ৰতীয়মান কৰিছে জিৎমল দলেৰ প্ৰত্যাৱৰ্তনে৷ জুনতে অৱসৰৰ পিছত ইতিহাসত প্ৰথমবাৰৰ বাবে এজন IPS বিষয়াক ঠিকাভিত্তিকভাৱে পুনৰ দায়িত্বলৈ ওভতাই আনিছে চৰকাৰে৷ অৱসৰৰ চাৰিমাহৰ পিছত জিৎমল দলেক আকৌ দুবছৰৰ বাবে অসম পুলিচৰ অভিযান শাখাৰ IGP হিচাপে নিয়োজিত কৰাটো নিৰাপত্তাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ৷ চাকৰিকালত জিৎমল দলে আছিল আলফা বিশেষজ্ঞ৷ উজনিত দীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰা দলেই আলফাৰ বিৰুদ্ধে অভিযানৰ গুৰি ধৰিছিল৷ কিন্তু তেওঁৰ অৱসৰৰ পিছতে অসম আৰক্ষীত স্পেচিয়েলিষ্ট বিষয়া নোহোৱা হৈ পৰিল৷
গতিকে নাই মোমাইতকৈ কণা মোমায়েই ভাল বুলি গণ্য কৰিলে চৰকাৰে৷ জিৎমল দলেক পুনৰ চাকৰিলৈ ওভতাই অনাৰ বাবে চৰকাৰ বাধ্য হোৱাৰ কাৰণ হৈছে আকৌ আইচেং অসম নামৰ আলফা কেডাৰ৷ ১৫ আগষ্টত ৰাজ্যৰ ভিন্নপ্ৰান্তত আইচেং অসমেই বোমা সংস্থাপন কৰিছিল বুলি আৰক্ষী নিশ্চিত হৈছে৷ কিন্তু তেওঁক এতিয়ালৈ আৰক্ষীয়ে ধৰিব পৰা নাই৷ উপায়ন্তৰ হৈ আৰক্ষীয়ে আইচেং অসমৰ আত্মীয়কে গ্ৰেপ্তাৰ কৰিছে৷ কে পি এছ গিলৰ পদ্ধতি অৱলম্বন কৰিছে পুলিচে৷ তথাপি ছাৰেণ্ডাৰ কৰা নাই আইচেং অসমে৷ আনহাতে এনে প্ৰেক্ষাপটতে বিশেষ শাখাৰ মুৰব্বী হীৰেন নাথৰো কাৰ্যকাল বৃদ্ধি কৰিবলৈ চৰকাৰ বাধ্য হৈছে৷ মুঠতে হাহাকাৰ লাগিছে আৰক্ষীৰ ভিতৰচ’ৰাত