তলে তলে চলিছে বেলেগ অংক

কথা এটা মন কৰিবচোন,
অসম আন্দোলনৰ পিছত এইবাৰেই আছু অত্যন্ত সংকটৰ সন্মুখীন হৈছে৷ পৃথিৱী কপোঁৱা আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা ছাত্ৰ সংগঠনটোৰ ভেটি আচম্বিতে খহিবলৈ ধৰিছে৷
বিগত সময়ত অসমৰ বিন্ন প্ৰান্তত যে আছুৰ গ্ৰহণযোগ্যতা কমি আহিছিল সেয়া সত্য৷ মূলসুতিৰ অসমীয়াপ্ৰধান এলেকাৰ বাদে আন স্থানত আছুৰ গণভিত্তি হ্ৰাস পাইছিল৷
কিন্তু আঞ্চলিক প্ৰেক্ষাপটত আছু শক্তিশালী প্ৰেছাৰ গ্ৰুপ হৈ আছিল৷ অসমৰ প্ৰায়বোৰ ৰাজহুৱা ব্যক্তিয়ে এতিয়াও আছুৰ জৰিয়তেই সামাজিকভাৱে আত্মপ্ৰকাশ কৰি আছিল৷ তেওঁলোকৰ বাবে আছুৱেই আছিল উত্তম মাধ্যম৷
কিন্তু হঠাতে অভেদ্য দুৰ্গ গুৱাহাটী বিশ্ববিদ্যালয়তে আছু পৰাস্ত হ’ল৷ আন পদত জিকিলেও ছাত্ৰ একতা সভাৰ সভাপতি পদতে আছুৰ প্ৰাৰ্থী গোপাত-পাতকৈ হাৰিল৷
উজনিৰ কেবাখনো কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ABVP বা NSUI জিকিছে৷ ৰহস্যজনকভাৱে কিন্তু সমান্তৰালকৈ উত্থান ঘটিছে অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ৷
শেহতীয়াকৈ কেতিয়াও নহৰা মৰিয়নি কলেজৰ নিৰ্বাচনতো আছু পৰাস্ত হৈছে৷ অৰ্থাৎ বয়স্ক বাদেই, ছাত্ৰ সংগঠনৰ মাজতো কমিছে আছুৰ গ্ৰহণযোগ্যতা৷
কিন্তু এই প্ৰেক্ষাপটৰ আছে বিশেষ কাৰণ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email