ছবছৰে ক’ত আছে ফুকন

২২ এপ্ৰিল, ২০১৮৷ মৰ্নিং ৱাকৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল তেওঁ৷ লগত কিন্তু নিয়া নাছিল ম’বাইল ফোনটো৷
কিন্তু মৰ্নিং ৱাক কৰিবলৈ যোৱা মানুহজন আজিকোপতি উভতি নাহিল৷ সেই মানুহজন ৰেৱতী ফুকন৷
কিন্তু ছবছৰে সন্ধানহীন ৰেৱতী ফুকন কোন?
ৰেৱতী ফুকন নামৰ ক্ষীণকায় লোকজন পৰেশ বৰুৱাৰ সবাতোকৈ ঘনিষ্ঠ৷ পৰেশ বৰুৱাই সবাতোকৈ বেছিকৈ ৰেৱতী ফুকনকে বিশ্বাস কৰে৷
জেৰাইগাঁৱৰে ৰেৱতী ফুকন পৰেশ বৰুৱাৰ বাল্যবন্ধু৷ একেলগে দুয়ো খেলিছিল ফুটবল৷ বিগত শতিকাৰ পৰা ৰেৱতী ফুকনৰ জৰিয়তেই পৰেশ বৰুৱাক মূলসুতিলৈ ওভতাই আনিবলৈ চৰকাৰে চেষ্টা কৰি আছিল৷ আলফাৰ তৰফৰ পৰাও সকলো গোপনীয় কামৰে দায়িত্ব দিয়া হৈছিল ৰেৱতী ফুকনক৷
১৯৯১ চনৰ ৫ ডিচেম্বৰত এখন গোপন পত্ৰ লিখিছিল তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই৷ সেই পত্ৰখনৰ জৰিয়তে শইকীয়াই ৰেৱতী ফুকনক আলফা-চৰকাৰৰ মধ্যস্থতাকাৰী হিচাপে নিয়োগ কৰিছিল৷ একেদৰে তেতিয়াই আলফায়ো ক্ষমতা প্ৰদা পত্ৰৰ জৰিয়তে সংগঠনৰ হৈ আলোচনা আগবঢ়াবলৈ ৰেৱতী ফুকনক অধিকাৰ দিছিল৷
১৯৯২ চনতো আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই প্ৰধানমন্ত্ৰী লৈ এখন পত্ৰ লিখিছিল৷ পি ভি নৰসিংহ ৰাওলৈ লিখা চিঠিখন যথাস্থানত পোৱাই দিছিল ৰেৱতী ফুকনে৷ তাৰ পিছতো আলফাই আলোচনাৰ বাবে গঠন কৰা পিচিজিৰ সদস্য হিচাপেও আছিল ৰেৱতী ফুকন৷ পৰেশ বৰুৱাই ককাইদেউ বুলি সম্বোধন কৰা ৰেৱতী ফুকন আছিল চৰকাৰ আৰু আলফা উভয় পক্ষৰে সবাতোকৈ বিশ্বাসী বাৰ্তাবাহক৷
কিন্তু ৰহস্যঘন পৰিস্থিতিৰ মাজতে তেওঁ নোহোৱা হৈ গ’ল৷ সন্দেহজনক সকলো পক্ষই তেওঁক অপহৰণৰ খবৰো নাকচ কৰিলে৷ কিন্তু হঠাতে ঘটনাৰ সৈতে সাঙোৰ খাইছিল ভাস্কৰ বৰুৱা নামৰ এজৱ লোকৰ নাম৷
আনহাতে ধূসৰ পৰিস্থিতিৰ মাজতে CRPF শিবিৰৰ ডাঃ গেব্ৰিয়েল নামৰ চিকিৎসক এজনে যোৰহাটৰ আমিৰ হাজৰিকা নামৰ সাংবাদিকজনক হোৱাটছএপ যোগে ৰেৱতী ফুকন শ্বিলঙত থকা বুলি জনাইছিল। কিন্তু ৰেৱতী ফুকন নোলাল৷ অজস্ৰ আউলৰ মাজত হেৰাই গ’ল ৰেৱতী ফুকন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email