অসমীয়া শুই থাকোতেই গ’ল৷ খিলঞ্জীয়াৰ কথা চিঞৰি থাকোতেই অসমৰ মুগাও বেলেগে লৈ গ’ল৷
হয়, আমি সঁচাকৈ কৈছোঁ৷ অসমৰ পৰিচয়সদৃশ মুগাৰ আয়ুস কমি আহিছে৷
স্বাভাৱিক কাৰণতে মুগাৰ আয়ুস হ্ৰাস পাইছে৷ লগতে আছে কেবাটাও পৰিৱেশজনিত কাৰক৷ স্থানীয় মুগাপালকৰ সংখ্যা হ্ৰাস আৰু চৰকাৰী অমনোযোগিতাৰ ফলত এই ব্যৱসায় ক্ৰমে অসমত কষ্টকৰ হৈ উঠিছে৷
কিন্তু উত্তৰাখণ্ড আৰু মেঘালয়ে মুগা পালনৰ বিষয়ে সম্পৰীক্ষা চলাই আছে। এয়া খাটাং যে অহা চল্লিশ বছৰৰ ভিতৰত মুগাৰ ওপৰত অসমে অধিকাৰ হেৰুৱাব৷
অৰ্থাৎ কেৱল অমসতে মুগা উৎপাদন হয় বুলি কোৱাৰ অধিকাৰ নাথাকিব অসমীয়াৰ৷
অৱশ্যে কেৱল মুগাই নহয়৷ এড়িপলুৰ চিনাকিও অসমে শীঘ্ৰে হেৰুৱাব৷
মোদীৰ ৰাজ্য গুজৰাটত এড়ী পালনৰ বিষয়ে চৰকাৰী উদ্যোগত প্ৰশিক্ষণ চলি আছে৷ শুকান ৰাজ্যখনৰ বিস্তৰ এলেকাত এৰাগছৰ খেতি হয়। গুজৰাটত এৰাৰ খেতি বৃদ্ধি কৰিবলৈ অসমৰ পৰাও যোৱা এদল বৈজ্ঞানিকে অধ্যয়ন কৰিছে৷
শেহতীয়াকৈ গুজৰাটৰ এটা গোট অসমৰ পুৰণা এড়ি-মুগাশালৰ চানেকি পৰিদৰ্শন কৰিছে৷ গ্ৰামাঞ্চলৰ পৰা কিনি নিছে শালৰ সামগ্ৰী৷
কিন্তু অসমত বিঘাই বিঘাই চোমনি এৰাপৰলীয়া হৈ আছে, কাৰো খবৰ নাই। এৰা গছ দুস্পাপ্য প্ৰজাতিৰ হ’বলৈ ধৰিছে৷
তথাপি কাৰোৰে কথাবোৰ গাত লগা নাই৷ অৰুণোদয় আৰু মিঞাৰ কথাতে ব্যস্ত হৈ আছে অসমীয়া৷