তেতিয়া অসম আন্দোলনৰ ভৰপক সময়
গুৱাহাটীৰ উজান বজাৰত নিয়োজিত হৈ আছিল এজন শীৰ্ষ আৰক্ষী বিষয়া৷ তেতিয়াই শীৰ্ষস্থানীয় আন্দোলনকাৰী এজনৰ সৈতে বিষয়াজন মুখামুখি হ’ল৷
তেওঁ আন্দোলনৰ নেতাজনক ক’লে তোৰ আৰু নিবাৰণ বৰাৰ নেতৃত্বত আন্দোলন চলি থাকক৷ আমাৰো ক’বলগীয়া একো নাই৷
আমি প্ৰফুল্ল আৰু ভৃগুক নাজানো নেকি? তেওঁলোক কিহৰ লীডাৰ?
নিবাৰণদা লীডাৰ-তেওঁ নেতৃত্ব দিয়ক!
আমি লগত আছো
তিৰাশীৰ জুয়ে পোৰা সময়ত এই উপদেশ দিয়া আৰক্ষী বিষয়াজন আছিল শৰৎ ফুকন৷ তেওঁ উজান বজাৰত লগ পোৱা আন্দোলনকাৰী নেতাজন হৈছে দিছপুৰৰ বিধায়ক অতুল বৰা৷
আচলতে সেই তেতিয়াৰ পৰা আন্দোলকাৰী পক্ষৰ মাজতে দুটা ফৈদৰ সৃষ্টি হৈছিল৷ ভৰত নৰহৰ দৰে তোষামোদকাৰীৰ ভিৰত প্ৰফুল্ল আৰু ভৃগু হৈ পৰিছিল অবিসম্বাদী নেতা৷
কিন্তু বিপক্ষই মানি লোৱা নাছিল প্ৰফুল্লৰ নেতৃত্ব৷ সেয়ে আন্দোলনৰ সামৰণিৰ পিছত অসমত গণ পৰিষদত সভাপতি মণ্ডলী গঠনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল৷
পিছে ছলে বলে কৌশলে মুখ্য সভাপতি নামৰ পদ সৃষ্টি কৰি দলটো হাতৰ মুঠিত ৰাখিলে মহন্তই৷ কিন্তু ফলশ্ৰুতি হৈ পৰিল আৰক্ষী বিষয়া শৰৎ ফুকনে অনুমান কৰাৰ দৰেই৷
এতিয়া স্বাভাৱিকতে এইবোৰ কথা আলোচনাৰ বিশেষ প্ৰাসংগিকতা নাই৷ কিন্তু পৰিস্থিতি আকৌ অনুৰূপ হৈ পৰাৰ সময়ত যেন কিছু প্ৰাসগিক হৈ পৰিছে ইতিহাসৰ বিশ্লেষণ৷