ৱাকফ ব’ৰ্ডৰ ভূমিত অট্টালিকা নিৰ্মাণ কৰিছে মুকেশ আম্বানিয়ে৷ দেশৰ চহকী উদ্যোগপতিজনৰ মালিকানাধীন এণ্টিলিয়া হৈছে ৱাকফ সম্পত্তি৷ সম্প্ৰতি ৱাকফ ব’ৰ্ড আইন সংশোধনৰ সময়ত আকৌ আৰম্ভ হৈছে এণ্টিলিয়াকেন্দ্ৰিক বিবাদ৷
মুকেশ আম্বানিৰ এণ্টিলিয়াও ভাঙি পেলাব লাগে বুলি অভিহিত কৰিছে কেবাজনো মুছলমান ধৰ্মগুৰুৱে৷ তেওঁলোকে ৱাকফ ব’ৰ্ডৰ মাটি খালী কৰিবলৈয়ো চৰকাৰক দাবী জনাইছে৷
তেওঁলোকৰ মতে কৰিম ভাই ইব্ৰাহিম নামৰ এজন লোকে ১৯৮৬ চনত ব্যক্তিগত ভূমিখণ্ড মহাৰাষ্ট্ৰ ৱাকফ ব’ৰ্ডক দান দাছিল৷ সেই ভূমিত অনাথ আশ্ৰম নিৰ্মাণ কৰিবলৈ তেওঁ চৰ্ত দিছিল ৱাকফ ব’ৰ্ডক৷
কিন্তু কৰিম ভাই ইব্ৰাহিমৰ বিয়োগৰ পিছত ধূৰ্তালি কৰিলে মহাৰাষ্ট্ৰ ৱাকফ ব’ৰ্ডে৷ তেওঁলোকে ভূমিডোখৰ মুকেশ আম্বানিক বিক্ৰী কৰিলে৷ সেই মাটিতে আম্বানিয়ে নিৰ্মাণ কৰিলে বিশ্বৰে অন্যতম খৰচী ঘৰ এণ্টিলিয়া৷
সেই ভূমিখণ্ডই আম্বানিৰ পৰা পুনৰুদ্ধাৰৰ দাবী উত্থাপিত হৈছে৷ বিশেষকৈ আইন সংশোধনীৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ সময়ত উত্থাপিত হৈছে পুনৰুদ্ধাৰৰ প্ৰসংগ৷ নতুন বিধি অনুসৰি চৰকাৰে সকলো ৱাকফ সম্পত্তিতে দখল স্যবস্ত কৰিব৷
সেয়ে এণ্টিলিয়াৰ ভূমিতো চৰকাৰৰ দখলৰ দাবী কৰিছে মুছলমান নেতাই৷