বাজপেয়ী ভৱনৰ হুকুম পালনত ব্যৰ্থ

নৱাগত নেতা বিফল হৈছে৷ গতিকে ক্ৰোধিত হৈ পৰিছে প্ৰদেশ বিজেপিৰ নেতৃত্ব৷ সক্ষমতা প্ৰদৰ্শনৰ বাবে লাভ কৰা অন্তিম সুযোগ কিন্তু ব্যৱহাৰ কৰিব পৰা নাই অংকিতা দত্ত অথবা ৰাণা গোস্বামীয়ে৷ সদস্য ভৰ্তি অভিযানত তেওঁলোকে দেখুৱাব পৰা নাই আশানুৰূপ প্ৰদৰ্শন৷
ইতিমধ্যে যোৰহটীয়া নেতা ৰাণা আৰু শিৱসাগৰীয়া অংকিতা বিফল হিচাপে বিজেপিৰ হিটলিষ্টত অন্তৰ্ভুক্ত হৈছে৷ লোকসভা নিৰ্বাচনত নিজৰ সমষ্টিতে দলীয় প্ৰাৰ্থীৰ হকে ভোট গোটাব নোৱাৰা দুয়োজন নেতাকে সদস্য ভৰ্তি অভিযানত সৰ্বশক্তি প্ৰয়োগৰ নিৰ্দেশ দিছিল বাজপেয়ী ভৱনে৷
কিন্তু নিৰ্বাচনী বিফলতাৰ পিছত দলীয় ৰাজনীতিতো ব্যৰ্থ হৈছে ৰাণা আৰু অংকিতা৷ তেওঁলোকক যোৰহাট আৰু শিৱসাগৰত দুই লক্ষাধিক লোকক নতুনকৈ বিজেপিত অন্তৰ্ভুক্ত কৰিবলৈ নেতৃত্বই কঠোৰ নিৰ্দেশ দিছিল৷ সমষ্টিত নিজৰ গ্ৰহণযোগ্যতা প্ৰতিপন্ন কৰিবলৈ সোণালী সুযোগ লাভ কৰিছিল দুয়োজন প্ৰাক্তন কংগ্ৰেছীয়ে৷
কিন্তু দুই লাখ বাদেই, ১ লাখ সদস্যকো অংকিতা আৰু ৰাণাই বিজেপিলৈ টানিব পৰা নাই৷ সদস্য ভৰ্তি অভিযানতো নিষ্প্ৰভ হৈ পৰিছে দুয়োজন নেতা৷
কেৱল তেওঁলোকেই নহয়, বিজেপিৰ বাবে ভালুকৰ সাঙীহে হৈ পৰিছে খুমটাইৰ বিস্মিতা গগৈ৷ কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰা বিস্মিতাকো দলৰ বাবে লক্ষাধিক সদস্য নতুনকৈ যোগাৰ কৰিবলৈ বাজপেয়ী ভৱনে হুকুম দিছিল৷ কিন্তু তেওঁৰ পুৰণি সমৰ্থকসকলেই সদস্য ভৰ্তি অভিযানত অংশগ্ৰহণ নকৰিলে৷ জীৱনান্ত গগৈৰ বোৱাৰীয়েক হিচাপে খুমটাইত বিস্মিতাক সমৰ্থন দিয়া লোকসকল বিজেপি গমনৰ বাবে অমান্তি হ’ল৷
অনুৰূপ গতিয়েই হৈছে মানস বৰাৰ৷ প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰই দিছপুৰ সমষ্টিত বিজেপিৰ সদস্য ভৰ্তি অভিযানক গতি দিব নোৱাৰিলে৷ দলটোৰ পুৰণি নেতা জয়ন্ত দাসেহে শেষত চলাবলগীয়া হ’ল অভিযান৷
গোলাঘটীয়া বিজেপি সুৰজ দিহিঙিয়ায়ো পূৰণ কৰিব পৰা নাই বাজপেয়ী ভৱনৰ প্ৰত্যাশা৷ আনহাতে সৰ্বশেষত উপায়ন্তৰ হৈ দায়িত্ব মূৰ পাতি লৈছে সৰ্বানন্দ সোণোৱালে৷ তেওঁৰ নেতৃত্বতহে উজনিত চলাবলগীয়া হৈছে সদস্য ভৰ্তি অভিযান৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email