চেক লওতে সাৱধান!

জনপ্ৰিয়তাৰ সুযোগ লৈ অপকৰ্ম কৰিছে ধুৰন্ধৰে৷ গতিকে সাৱধান হ’বলৈ হ’ল অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ স্বাৰ্থ পূৰণ কৰিবলৈ অহৰহ চেষ্টা কৰি থকা ধূৰ্তই অন্যথা কিন্তু কলূষিত কৰিব পৰিস্থিতি৷
বিগত সময়ত ক’ভিডৰ প্ৰাদুৰ্ভাৱৰে পৰা অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন আদায় দিবলৈ চৰকাৰে ব্যৱসায়ীসকলক আহ্বান জনাইছিল৷ আচলতে তেতিয়াৰে পৰা চৰকাৰী পুঁজিলৈ ৰাজহুৱাকৈ সাহায্য দিয়াৰ পৰম্পৰা আৰম্ভ হৈছে৷ পূৰ্বে সাহায্য প্ৰদানৰ কথা বিশেষকৈ দিছপুৰতে সীমিত আছিল৷
কিন্তু বিগত কিছুদিন ছেগ বুজি এনে বিশেষ কিছুমান ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙনি আগবঢ়াইছে, যিসকল সমাজৰ দৃষ্টিত হৈছে কলংকিত৷
সেই চতুৰ লোকসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙনি আগবঢ়াবলৈ হাবিয়াস কৰাৰ আছে বিশেষ কাৰণ৷ আচলতে চেক গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে দাতাৰ সৈতে কেমেৰাৰ সন্মুখত থিয় দিয়ে৷ এই বিশেষ ফটোখন বহুতো লোকৰ বাবে পিছলৈ হৈ পৰে কিছুমান কামৰ লাইচেন্সৰ দৰে৷
মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠিব পৰা ক্ষমতাশালী হিচাপে নিজৰ চিনাকি দি তেওঁলোকে অপকৰ্ম কৰে৷ শেহতীয়াকৈ ট্ৰেডিং কেলেংকাৰিৰ অভিযুক্তয়ো মুখ্যমন্ত্ৰীক সাহায্য দিছিল বুলি প্ৰকাশ পোৱাৰ পিছত প্ৰমণিত হৈছে দুৰ্বৃত্তৰ কৌশল৷
বিগত সময়ত তৰুণ গগৈয়ে কিন্তু বিশেষ কেতবাৰো দাতাৰ পৰাহে চেক গ্ৰহণ কৰিছিল৷ আনসকলৰ পৰা ধন লৈছিল চৰকাৰী বিষয়াসকলে৷
গতিকে অনাগত সময়ত সাহায্য পুঁজিৰ বাবে ধন গ্ৰহণৰ সময়ত সাৱধান হ’বলৈ হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email