শ্মশানত মদ, পথাৰত মদ সৰ্বত্ৰ মাত্ৰ মদৰে পয়োভৰ৷ গাঁৱবোৰত চাউল নাপালেও মদ উভৈনদী৷ ভেন্সাৰ ৱাইন শ্বপত বিচাৰিলেই পোৱা যায় হৰেক ৰকমৰ সুৰা৷ বৰ্তমান দুখৰ মাজতো গাঁৱৰ যুৱকক শ্মশানত খুৱাবলৈ মৰাঘৰীয়াই বিচাৰিব লাগে মদ৷ অন্যথা শ বাহী হৈ থাকে৷ একেদৰে পথাৰতো মদৰ বটলৰ দ’ম দেখিলে আচৰিতেই হ’ব লাগিব৷
যোৱা দুদিনৰ ভিতৰত অসমৰ গ্ৰামাঞ্চলত সংঘটিত দুটা হত্যাকাণ্ডৰ কাৰণ হৈছে সুৰা৷ মদৰ অবাধ প্ৰচলনে ইমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যে গ্ৰামাঞ্চলৰ সৰহসংখ্যক পৰিয়ালতে অশান্তিৰ সৃষ্টি হৈছে৷
চুলাইৰ পৰা আদি কৰি বিলাতীলৈ সকলো ধৰণৰ মদৰ অবাধ প্ৰচলনে অসম ধ্বংস কৰি পেলাইছে৷ কিন্তু তাৰ লগতে অসমত সৃষ্টি হৈছে এচাম পুৰুষত্বহীন পুৰুষৰ৷
গুৱাহাটীৰ এজন বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি অসমৰ য়ুৱচামৰ সন্তান জন্ম দিয়াৰ ক্ষমতা হানি হোৱাৰ কাৰণ হৈছে অধিক হাৰত সুৰাপান৷ সুৰাৰ ফলত বীৰ্যহানি হৈছে অসমীয়া যুৱকৰ৷
কিন্তু সুৰাপানৰ বদ অভ্যাস নথকাৰ ফলতে মুছলমান যুৱকসকল এনে সমস্যাৰ পৰা মুক্ত৷ ধৰ্মীয় কাৰণত গৰিষ্ঠসংখ্যক মিঞা যুৱকে মদ্যপান নকৰাৰ ফলত তেওঁলোকৰ মাজত সন্তানহীনতাৰ দৰে সমস্যা নাই৷