গছ প্ৰায় নায়েই৷ কাটি খাস্তাং কৰিলে৷ সোণাই-ৰূপাই অভয়াৰণ্যত আছে মাত্ৰ লতা৷ ৰাজ্যিক পক্ষা দেওহাঁহ চাবলৈ সোণাই-ৰূপাইলৈ গ’লে আপুনি একোৱেই নেদেখিবও পাৰে৷
সম্ভৱতঃ বৰ্তমান থকা গছ কেইডালো অহা দুবছৰৰ ভিতৰত নোহোৱা হৈ যাব৷ যিটো গটিত অভয়াৰণ্যখনত বনধ্বংস চলিছে, তালৈ মন কৰিলে দুবছৰৰ ভিতৰতে মৰভূমিত পৰিণত হ’ব বিশাল এলেকা৷
অৰুণাচল প্ৰদেশৰ গাতে লগি থকা অভয়াৰণ্যত দেওহাঁহৰ অস্তিত্বও প্ৰায় বিপন্ন হৈ পৰিছে৷ ক’লামাটিসস্থিত কাৰ্যালয়ৰ সমীপতে থকা অৰণ্যানিত অৱশ্যে এতিয়াও পৰা আধা মাইল মানলৈকে আজাৰ, পাৰলি, আমাৰি, শিমলু আদি মূল্যৱান গছ আছে৷ কিন্তু তাৰ পৰা আগুৱাই গৈ থাকিলে কোনেও গছবোৰ নেদেখে৷
বীৰাপ্পানৰ দৰে বনদস্যুৰ ফলত সোণাই-ৰূপাই কিছুবছৰৰ ভিতৰতে হৈ পৰিছে টকলা৷ কেৱল লতাৰেহে সেউজীয়া হৈ আছে সোণাই-ৰূপাই অভ্যন্তৰ৷
বছৰৰ যিকোনো সময়তে অৰুণাচলৰ পৰা সোমাই অহা হাতীৰ জাকে অভয়াৰণ্যখনৰ দাঁতি-কাষৰীয়া লোকৰ খেতি ধ্বংস কৰে৷ কিন্তু তাৰ আগতেই বদস্যুৱে প্ৰায় শেষ কৰিলে অভয়াৰণ্যৰ বুকু৷
কাৰো চকুত নপৰা অভয়াৰণ্যখন সম্প্ৰতি প্ৰায় বৃক্ষবিহীন হৈ পৰিছে৷ মন গ’লেই দস্যুৱে কাটিছে গছ৷ সোণাই-ৰূপাইত এতিয়া নাই পৰ্যাপ্ত বনৰক্ষী৷
দেওহাঁহো মাৰি মাৰি খোৱাৰ ফলত প্ৰায় শেষ হৈ আহিছে৷ গতিকে দুবছৰৰ পিছত কিজানি অস্তিত্বহীন হৈ পৰিব সোণাই-ৰূাই৷ কেৱল কিতাপতহে থাকিব অভয়াৰণ্যখনৰ নাম৷