মিঞা নাই, নিৰ্মাণ বন্ধ

গ্ৰাহকক ফ্লেট ডেলিভাৰী দিব পৰা নাই বিল্ডাৰে৷ উজনিত আধাসজা হৈয়েই আছে কেবাটাও এপাৰ্টমেণ্ট৷ গ্ৰাহকৰ পৰা এডভান্স লৈ থোৱাৰ পিছতো বিল্ডাৰে নিৰ্ধাৰিত সময়ত ফ্লেট সাজি দিব পৰা নাই৷ ইটা-বালি সকলো য়োগাৰ হৈ থকাৰ পিছতো সাজিব পৰা নাই ঘৰ৷ কাৰণ
উজনিত মিঞা নাই
প্ৰায়সংখ্যক বিল্ডাৰে উজনিৰ সকলো জিলাতে ঘৰ সাজিছিল মিঞা মিস্ত্ৰী আৰু যোগালীৰ জৰিয়তে৷ ঠিকাদাৰে যোগাৰ কৰা বনুৱাই নিৰ্মাণকাৰ্য কৰিছিল৷ এপাৰ্টমেণ্ট সজা স্থানতে তৈয়াৰ কৰি দিয়া টিঙৰ চালিৰ তলতে থাকি কাম কৰিছিল মিঞা মিস্ত্ৰীয়ে৷
কিন্তু শিৱসাগৰত অসমীয়াৰ আন্দোলনৰ পিছত মিঞা খেদিলে জাতীয়তাবাদী সংগঠনে৷ শ্ৰমজীৱী মিঞাক নামনিলৈ খেদি দিয়া হ’ল৷
তাৰ পিছতে স্থবিৰ হৈ পৰিল এপাৰ্টমেণ্টৰ নিৰ্মাণ৷ মিঞা লেবাৰ নথকাৰ ফলত এপাৰ্টমেণ্ট সময়মতে সাজিব নোৱাৰা হ’ল বিল্ডাৰে৷
গতিকে বাঢ়ি গৈছে নিৰ্মাণব্যয়৷ সময়ত ফ্লেট ডেলিভাৰী দিব নোৱাৰাৰ ফলত বিল্ডাৰৰ খৰচ বাঢ়িছে৷ ফলত যোৰহাটত কেবাটাও ফ্লেটৰ দাম বঢ়াবলৈ সিদ্ধান্ত লৈছে বিল্ডাৰে৷
যদি কিছুদিনলৈ পৰিস্থিতি একে থাকে তেন্তে উজনিৰ গৃহ নিৰ্মাণৰ ব্যৱসায় বিধ্বস্ত হৈ পৰিব৷ মিঞা খেদাৰ ফলত অধিক দাম ভৰি ফ্লেট কিনিব লাগিব অসমীয়াই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email