ঘৰত গাড়ী আছে, কিন্তু ফে’চবুকত ফটো নিদিয়ে৷ আগতে দিছিল, কিন্তু এতিয়া ঘৰৰ সম্পদৰ কথা ৰাইজক নজনাই অসমৰ মহিলাই৷ স্বামীৰ টকাৰে কিনা ডাঙৰ ফ্ৰীজটোৰ ফটোও আজিকালি ফে’চবুকত নিদিয়ে গ্ৰাম্য মহিলাই৷
মন কৰিবচোন ঘৰুৱা সম্পদ ছ’চিয়েল মিডিয়াত প্ৰদৰ্শন এতিয়া কমি গৈছে৷ কেৱল নিজৰ ফটোহে ফে’চবুকত আপলোড কৰি থাকে তেওঁলোকে৷
অৱশ্যে এনেকুৱা কৰাৰো কাৰণ আছে৷ বিশেষ কাৰণটো হৈছে অৰুণোদয়৷ চৰকাৰে অৰুণোদয় আঁচনিৰ জৰিয়তে অসমৰ মহিলাক মাহিলী ১২৫০ টকা সাহায্য দিছে৷
কিন্তু অৰুণোদয় প্ৰদানৰ বাবেও আছে একাধিক চৰ্ত৷ আৰ্থিকভাৱে শক্তিশালী পৰিয়ালৰ মহিলাই অৰুণোদয় নাপায়৷ বিশেষকৈ ঘৰত গাড়ী বা দামী সৰঞ্জাম থকা মহিলাসকলো অৰুণোদয়ৰ বাবে যোগ্য বিবেচিত নহয়৷
সকলো অৰ্হতা নিৰীক্ষণ কৰিহে অৰুণোদয়ৰ জলপানি প্ৰদান কৰিছে চৰকাৰে৷ সেয়ে বহু মহিলাই ইচ্ছা কৰিলেও লুকুৱাবলগীয়া হৈছে ঘৰৰ সম্পদ৷
আগতে গাড়ীৰ সৈতে প’জ দি ফটো উঠা মহিলাই এতিয়া ফে’চবুকত আপলোড কৰিব নোৱাৰা হৈছে ফটো৷ কেৱল নিজৰ ফটোখন আপলোড কৰিয়েই তেওঁলোক ক্ষান্ত থাকিবলগীয়া হৈছে৷