ডিব্ৰুগড়ত কলিতাই আছিল চুমিৰ পাৰ্টনাৰ

নাম কোনেও লোৱা নাই, কিন্তু চুমি বৰা কাণ্ডত উচ্চাৰিত হৈছে ডিব্ৰুগড়ৰ এজন ব্যৱসায়ীৰ কথা৷ কলিতা উপাধিৰ ব্যৱসায়ীজনেই যে চুমিক কেবাদিনো আশ্ৰয় প্ৰদান কৰিছিল সেয়া সকলোৱে গম পাইছে৷ উচুপি উচুপি চুমিয়ে কৰা ভিডিঅ’ও কলিতা উপাধিৰ ব্যৱসায়ীজনৰ ঘৰতে কৰা হৈছিল বুলিও আৰক্ষী নিশ্চিত হৈছে৷
অজিত ভূঞা-লুৰীণজ্যোতি গগৈয়ে কৈ থকা কলিতা উপাধিৰ ব্যৱসায়ীজনৰ ঘৰ ডিব্ৰুগড়ৰ নিৰ্মালীগাঁৱত৷ কেবাখনো ৱাইন শ্বপৰ মালিক তেওঁ৷
প্ৰতিপত্তিশালী কলিতাৰ জৰিয়তে আৰক্ষীৰ সৈতে চুমিয়ে যোগাযোগ কৰিবলৈ বিচাৰিছিল৷ সেইসূত্ৰে থানালৈয়ো গৈছিল কলিতা৷ কিন্তু তেওঁ একো কৰিব নোৱাৰিলে৷ ডিব্ৰুগড়ৰ ASP ছিজল আগৰৱালাই ধমকি দি ঘূৰাই পঠিয়ালে কলিতাক৷
এজন প্ৰতিপত্তিশালী নেতাৰ প্ৰতিৱেশী কলিতা আগতে আছিল বাতৰি কাকতৰো মালিক৷ তেওঁৰ ধনেৰেই এখন স্থানীয় দৈনিক কাকত প্ৰকাশ হৈছিল৷
সেইসূত্ৰে গাড়ীত প্ৰেছ লিখি লৈছিল কলিতাই৷ প্ৰেছ লিখা গাড়ীত কলিতাই এতিয়াও কঢ়িয়াই মদ৷ নিজৰ ৱাইন শ্বপৰ বাবে প্ৰেছ লিখা গাড়ীতে তেওঁ মদৰ বটলৰ কাৰ্টুন সৰবৰাহ কৰে৷
কিন্তু নাচনী চুমি বৰাৰ সৈতে কলিতাৰ সংযোগ আচৰিত কথা৷ পিছে এতিয়া প্ৰকাশ হৈছে সকলো তথ্য৷ কলিতাৰ জৰিয়তে চুমিৰ এজন নেতাৰ সৈতে যোগাযোগৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email