বিবাহৰ বাবেই সংগঠন ত্যাগ

ইয়াত মহিলাৰ প্ৰৱেশ নিষেধ,
হালচাল নামৰ চিনেমাখন আপুনি সম্ভৱতঃ চাইছে৷ য’ত অমৰীশ পুৰীয়ে ঘৰত নিষিদ্ধ কৰিছিল নাৰীৰ প্ৰৱেশ৷ তেওঁ পঞ্চপুত্ৰৰো বিবাহ নিষিদ্ধ কৰিছিল৷ (চিনেমাখন চোৱা এডিটৰৰ হতুৱাই কটাব, শ্বট কেইটামান বজাই দিব)
সেই চৰিত্ৰটোতে আপুনি কল্পনা কৰি লওক সমুজ্জ্বল ভট্টাচাৰ্যক৷ মানে আছুৰ মাইকেলক৷ সংগঠনৰ নীতি অনুসৰিয়েই চিৰকুমাৰ হৈ থাকিল ভট্টাচাৰ্য৷ কিন্তু ওলাই গৈ সকলোৱে বিয়া পাতিলে৷
কথাটো হৈছে
মাইকেলে বুজাই, কিন্তু কোনেও নুবুজে৷ হালচাল চিনেমাখনত গোপনে পৰেশ ৰাৱলে বিয়া পাৰ দৰে সকলোৱে মাত্ৰ সংসাৰৰ সপোন দেখি থাকে৷
মাইকেলৰ কথা অৱজ্ঞা কৰি সংগঠনত থকা সময়তে প্ৰেম কৰিছিল দুজন পূৰ্বৰ নেতাই৷ কিন্তু তেওঁলোক ওলাল৷ এবছৰ পূৰ্বে বিবাহৰ সপোন দেখি সংগঠনেই ত্যাগ কৰিলে দীপাংক নাথে৷ বহুদিন প্ৰেম কৰি থকাৰ পিছত মাইকেলৰ সংগ ত্যাগ কৰি সংগঠন ত্যাগ কৰিলে দীপাংকই৷
এইপৰ্যন্ত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহৰ পিছতো অবিবাহিত হৈ আছে শংকৰ প্ৰসাদ ৰয়৷ তেওঁৰ বাহিৰে আছু ত্যাগৰ পিছত সকলোৱে বিয়া পাতিলে৷
কিন্তু মাইকেলে বিয়া পাতিব নোৱাৰিলে৷ সতীৰ্থই সংগঠন ত্যাগ কৰি বিয়া পাতিলেও পদত বাহাল থাকিল কালীসাধক মাইকেল৷
এজাক লোকক চম্ভালি তেওঁ ৰৈ থাকিল৷ বাকীবোৰে কিন্তু তৰিলে সংসাৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email