মিঞাৰ মুঠেও দোষ নাই৷ এতিয়া ট্ৰাইবেল বেল্টত মাটি দখল কৰা বুলি সকলোৱে চিঞৰ-বাখৰ কৰিলেও মিঞাই ভুল কৰা নাই৷ সোণাপুৰনিৱাসী মিঞাৰ যে দোষ নাই তাৰ আছে প্ৰমাণ৷
দৰাচলতে ১৯৬২ চনত চীনা যুদ্ধৰ সময়ত গুৱাহাটীৰ নাৰেংগীত সেনা ছাউনি স্থাপন কৰা হৈছিল৷ অসমত সেনাৰ উপস্থিতি শক্তিশালী কৰিবলৈ কেবাখনো গাঁও উচ্ছেদ কৰি বাসিন্দাসকলক বিভিন্ন স্থানলৈ স্থানান্তৰ কৰা হৈছিল।
সেই সময়তে নাৰেংগীৰ ১৭ ঘৰ মানুহক সোণাপুৰৰ কচুতলিত চৰকাৰে বড়ো খেতি কৰিবলৈ দিছিল ১৩৫ বিঘা মাটি৷ তাতে তেওঁলোকক সংস্থাপিত কৰা হৈছিল৷ সোণাপুৰৰ কচুতলীৰ মাটি তেতিয়া আছিল দ৷
বাৰিষা প্ৰায়ে কচুতলি পানীত ডুব গৈছিল৷ পানীৰ তলত থাকে। খৰালি কিন্তু খেতিৰ বাবে উপযুক্ত হৈ পৰে। প্ৰথমে তাতে নাৰেংগীৰ সেই ১৭ ঘৰ মানুহে কেইবছৰমান চৰকাৰৰ নিৰ্দেশমৰ্মে সমবায় ভিত্তিক খেতি কৰিছিল। পিছলৈ তেওঁলোকে ব্যক্তিগতভাৱে খেতি কৰিবলৈ ল’লে৷
কিন্তু সেই খিলঞ্জীয়া লোকসকলে লাহে লাহে নিজৰ ভাগৰ মাটিখিনি বিক্ৰী কৰিবলৈ ধৰিলে৷ তাত মাটি কিনিলে মায়ং, ছয়গাওঁ, বকোৰ মিঞাই৷ মাটি কিনি খেতি কৰাৰ লগতে তাতে মিঞা থাকিবলৈ ল’লে৷
পিছলৈ মিঞা জনবসতি বেছি হোৱাত খিলঞ্জীয়া খেতিয়কসকলে আহুকাল পাবলৈ ধৰিলে৷ ফলত তেওঁলোকেও বেচি দিলে মাটি৷
১৯৬২ চনত চৰকাৰে সংস্থাপিত কৰা ১৭ ঘৰ মানুহৰ মাত্ৰ এজন খেতিয়কেহে সেই মাটিত এতিয়াও বড়ো ধানৰ খেতি কৰি আছে। তেওঁৰ নাম হৰেশ্বৰ দাস। দাসৰ চাৰিজন ককাই-ভাইৰ মাজত ১৩ বিঘা মাটি আবণ্টন হৈছিল আৰু তেওঁৰ ভাগত পৰিছিল ৩ বিঘা।
গতিকে জনজাতীয় বেল্টৰ মাটি মিঞাই কেনেকৈ দখল কৰিলে বুলি উচ্ছেদ কৰিলেও তেওঁলোক দোষী নহয়। দোষী হৈছে খিলঞ্জীয়া ৰাইজ৷