শংকৰজ্যোতিক কাৰ কথামতে আছুৰ পৰা খেদা হ’ল


আগতেই কৈ লৈছোঁ,
শংকৰজ্যোতি নিৰ্দোষ নহয়৷
কিন্তু আচলতে কিছুদিন আগতেই আছু নেতৃত্বৰ ৰোষত পৰিছিল শংকৰজ্যোতি বৰুৱা৷ কাৰণ আছিল তেওঁৰ দিল্লী যাত্ৰা৷ সেই ভ্ৰমণকালত শংকৰজ্যোতি বৰুৱাই আছুৰ সভাপতি আৰু মুখ্য উপদেষ্টাক নোকোৱাকৈ দিল্লীত উপস্থিত হৈছিল৷ দিল্লীত তেওঁ লগ ধৰিছিল মন্ত্ৰী সৰ্বানন্দ সোণোৱালক৷ তাৰ পিছতে ৰাসায়নিক সাৰ মন্ত্ৰীকো সাক্ষাৎ কৰিছিল শংকৰজ্যোতিয়ে৷
আচলতে শংকৰজ্যোতিয়ে আছু ত্যাগ কৰিবলৈ বাধ্য হোৱাৰ মূল কাৰণ সেই দিল্লীযাত্ৰাহে৷ হলা গছত বাগী কুঠাৰ মৰাৰ দৰে সমুজ্জ্বল ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই শংকৰজ্যোতিক পদত্যাগৰ বাবে বাধ্য কৰোৱাৰ মূল কাৰণ হৈছে গোপন দিল্লীযাত্ৰা৷
দৰাচলতে শংকৰজ্যোতিয়ে অহা বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাটো আছিল নিশ্চিত৷ সেইবাবে তেওঁ সোণোৱালৰ সৈতে ঘনিষ্ঠতা বজাই ৰাখিছিল৷
আনহাতে দুলীয়াজানৰ এতিয়াৰ বিধায়কজনো আকৌ সোণোৱালৰ ঘনিষ্ঠ৷ সেয়ে অসমৰ সোণোৱাল বিৰোধী লবীটোৱে বিধায়ক টেৰছ গোৱালাক অহা নিৰ্বাচনত টিকট নিদিয়াৰ চক্ৰান্ত কৰিছে৷
গোৱালাৰ স্থানত শক্তিশালী লবীটোৱে দুলীয়াজানত এজন প্ৰাক্তন কংগ্ৰেছীক টিকট দিয়াৰ চেষ্টা চলাইছে৷ ইতিমধ্যে প্ৰাক্তন কংগ্ৰেছীৰ সৈতে আলোচনাও হৈ গৈছে সোণোৱাল বিৰোধী চক্ৰৰ৷
সেয়ে শংকৰ-বধৰ অভিযান তাৎক্ষণিকভাৱে ৰূপায়ণ হ’ল৷ আমি কোনোপধ্যে শংকৰজ্যোতিক নিৰ্দোষ বুলি কোৱা নাই৷ কিন্তু তেওঁক পদত্যাগ কৰিবলৈ সমুজ্জ্বল আৰু উৎপলে হেঁচা দিয়াৰ আঁৰত যে ৰাজনীতি আছে সেয়াও সত্য৷
সোণোৱাল বিৰোধী লবীটোৰ যে আছুতো প্ৰভাৱ আছে সেয়া বৰ্তমান প্ৰমাণিত হ’ল৷ এতিয়া সৰ্বানন্দ সোণোৱালে শক্তি প্ৰদৰ্শন কৰিলেহে ৰক্ষা পৰিব শংকৰজ্যোতি বৰুৱা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email